panchayat election । মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰক,ভুৱা নথি-পত্ৰৰে মেম্বাৰ হোৱা নচলিব ইত্যাদি শ্লোগানেৰে আলোপতি খাটিয়ামাৰী বজাৰত মহিদুল ইছলামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

২৩ নং চেঙা সমষ্টিৰ ৮৭ নং আলোপতি মাজৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ পৰা সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ৱাৰ্ড সদস্য হিচাপে জয়ী হৈছে মহিদুল ইছলাম। পঞ্চায়ত গঠন নহওঁতেই তেওঁ দাখিল কৰা তৃতীয় সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ ভূৱা বুলি একাংশ ৰাইজে অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে।

নিৰ্বাচনী শপত নামাত অসম পঞ্চায়ত আইনৰ নিয়ম অনুসৰি
১২/০১/২০১৮ ইং পিছত তিনি সন্তানৰ পিতৃ মাতৃয়ে নিৰ্বাচনত অৱতীৰ্ণ হব নোৱাৰিব ।

কিন্তু অতি লক্ষণীয় ভাৱে নিৰ্বাচনত জয়ী হোৱা মহিদুল ইছলামে তেওঁৰ তৃতীয় সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আচলতে মহিদুল ইছলামৰ তৃতীয় সন্তান মাৰিয়া আহমেদৰ জন্মৰ প্ৰকৃত তাৰিখ আছিল ২৫/১২/২০১৯ হে।
কোনো প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিলে সেয়া অপৰাধ বুলি গণ্য কৰি মনোনয়ন বাতিল কৰাই নহয়,আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি নিৰ্বাচনী বিধিত উল্লেখ আছিল।
তেনে পৰিপ্ৰেক্ষিতত সন্তানৰ ভুৱা জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰা মহিদুল ইছলামৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে জিলা আয়ুক্ত সেয়া সময়ত হব লক্ষণীয়।
