“মাছা ফুটবল একাডেমী”ৰ শুভাৰম্ভ।football academy

football academy । মুকালমুৱাত “মাছা ফুটবল একাডেমী”ৰ শুভাৰম্ভ। উদ্বোধনী অনুষ্ঠানত উপস্থিত GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ হলিচৰণ নাৰ্জাৰী।

মুকালমুৱাত আজি এখন ফুটবল একাডেমীৰ শুভাৰম্ভ হয়। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত “মাছ ফুটবল একাডেমী” নামেৰে ফুটবল একাডেমীখনৰ শুভাৰম্ভ হয়। মুকালমুৱাৰ দেশভক্ত ময়দানত ফুটবল একাডেমীখনৰ উদ্বোধনী অনুষ্ঠান এটি অনুস্থিত কৰে। ফুটবল একাডেমীখনৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ হলিচৰণ নাৰ্জাৰী। অঞ্চলটোৰ প্ৰতিভাৱান খেলুৱৈ সকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ অধিনত উন্নতমানৰ ফুটবল খেলৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ফুটবল একাডেমীখন আৰম্ভ কৰা বুলি কয় মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top