শ্ৰীৰামপুৰত ইউপিপিএল দলৰ কৰ্মী সভা

শ্ৰীৰামপুৰ ২৬ জুন, ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু শ্ৰীৰামপুৰ সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী ই এম উইলছন হাছদাৰ নিৰ্দেশ মৰ্মে আজি শ্রীৰামপুৰ দেশবন্ধু কালচাৰেল ক্লাব প্ৰাংগনত শ্ৰীৰামপুৰ ব্লক কমিটীৰ উদ্যোগত অনুষ্ঠিত হয় ইউপিপিএল দলৰ কৰ্মী সভা।

ব্লক সভাপতি নিকোলাছ হাছদাৰ পৰিচালনাত অনুষ্ঠিত সভাত বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ইউপিপিএল দলৰ ব্লক কমিটীৰ ১৩ টা প্ৰাইমাৰী কমিটী আৰু ৬০ টা বুথ কমিটীৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে।উক্ত সভাত আগন্তুক বিটিচি নিৰ্বাচনত দলৰ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হয়।সভাৰ অন্তত দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য উত্তম কুমাৰ তালুকদাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে শ্ৰীৰামপুৰ সমষ্টি প্ৰমোদ বড়োক উপহাৰ দিবলৈ ৬০ টা বুথৰ কৰ্মী সকলে অঙ্গীকাৰবদ্ধ হৈ দেহে কেহে কাম কৰি আছে। এই সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থীৰ জয়ী হোৱাটো কেৱল সময়ৰ অপেক্ষা। আমাৰ লগত বিপিএফ কংগ্ৰেছ বা আন দলে পাত্তা নাই পায়। বিপিএফ এতিয়া ডুবন্ত নাও এই নাওত কোনেও নুঠিব। কংগ্ৰেছৰ বিটিআৰত কোনো সংগঠনে নাই। শ্ৰীৰামপুৰত ইউপিপিএল প্ৰাৰ্থীৰ জয়লাভ কৰাটো কোনেও ৰখাব নোৱাৰিব বুলি তালুকদাৰে দৃঢ়তাৰে কয়।দলৰ আন এগৰাকী শীৰ্ষ নেতা তথা শ্ৰীৰামপুৰ সমষ্টিৰ কো অৰ্ডিনেটৰ ফ্ৰান্সিচ টপ্পই কয় আজিৰ সভাত আমি বুথৰ সভাপতি সম্পাদকৰ পৰা দলৰ সাংগঠনিক দিশটোৰ বুজ লৈ নিশ্চিত হৈছো যে এইবাৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমি বিপুল ভোটত জয়লাভ কৰিব পাৰিম। তেঁও আৰু কয় অহা ১ জুলাইত শ্ৰীৰামপুৰত অনুষ্ঠিত হ’ব শ্ৰীৰামপুৰ সমষ্টিৰ হিতাধিকাৰী সন্মিলন আৰু সজাগতা সভা।উক্ত সভাত বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ অধীনত হোৱা কাম কাজৰ বুজ লোৱাৰ উপৰি নতুন আঁচনিৰ ঘোষণা কৰিব।উক্ত সন্মিলনত দহ সহস্ৰাধিক ৰাইজ যাতে উপস্থিতিত থাকে তাৰ বাবে প্ৰতিখন বুথৰ ওপৰত দায়িত্ব দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top