ছোৱালীৰ প্ৰতি আগ্ৰহ বেছি! সোণম সমকামী নেকি? ৰাজা ৰঘুবংশী হত্যাকাণ্ডত জ্যোতিষীৰ বিস্ফোৰক দাবী Raja Raghuvanshi Murder Case ।
ৰাশিফলত ‘ৰাহু যোগ’, বিচৰাখিনি পাবলৈ যিকোনো পৰিসৰলৈ যাব পাৰে সোণমঃ অজয় ডুবে

গুৱাহাটী, ২০ জুনঃ
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত দিনকেদিনে পোহৰলৈ আহি আছে চাঞ্চল্যকৰ তথ্য। এইবাৰ এক বিস্ফোৰক মন্তব্য কৰিলে জ্যোতিষী পণ্ডিত অজয় ডুবেই। ৰাজাৰ পৰিয়ালে কৰা প্ৰশ্নৰ উত্তৰ দি জ্যোতিষীগৰাকীয়ে দাবী কৰিছে যে, বোৱাৰী সোণমৰ স্বভাৱ অত্যন্ত জেদী, হঠকাৰী আৰু ছোৱালীসকলৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবে তেওঁ সমকামী হোৱাৰ সম্ভাৱনা থকা পাৰে।

জ্যোতিষীগৰাকীৰ মতে, সোণমৰ কুণ্ডলীত ‘ৰাহু যোগ’ আছে, যাৰ ফলত তেওঁ নিজ ইচ্ছানুযায়ী যিকোনো সিদ্ধান্ত ল’ব পাৰে আৰু বিচৰাখিনি লাভ কৰিবলৈ যিকোনো পৰিসৰলৈ যাবলৈ সক্ষম।
ৰাজাৰ পৰিয়ালৰ প্ৰশ্ন আৰু জ্যোতিষীৰ উত্তৰ:
- প্ৰশ্নঃ ৰাজাক হত্যা কৰা হৈছে কিন্তু বোৱাৰী সোণম ক’ত?
উত্তৰঃ সোণম জীয়াই আছে আৰু সুৰক্ষিত। - প্ৰশ্নঃ সোণম যদি জীয়াই আছে, তেন্তে ক’ত আছে?
উত্তৰঃ উত্তৰ দিশত। - প্ৰশ্নঃ হত্যাকাণ্ডৰ লগত কোন জড়িত?
উত্তৰঃ তিনি-চাৰিজন ব্যক্তি আৰু এগৰাকী মহিলা। - প্ৰশ্নঃ সেই মহিলা কোন?
উত্তৰঃ তোমাৰ বোৱাৰী সোণম।
জ্যোতিষীগৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াই কয় যে, এই কাণ্ডত আন এটা মহিলা জড়িত, যিজনী হয়তো সোণমৰ ঘনিষ্ঠ বন্ধু, আৰু তেওঁলোকৰ মাজত সম্ভৱতঃ সমকামী সম্পৰ্কো আছিল।
তেওঁ লগতে দাবী কৰে, “সোণমৰ পৰিয়ালে ৰাজাৰ পৰিয়ালক কুণ্ডলীৰ সঁচা তথ্য নজনাই প্ৰতাৰণা কৰিছিল। কুণ্ডলীত মৃত্যু যোগ স্পষ্ট আছিল।”
উল্লেখযোগ্য যে, ১১ মে’ত সোণম আৰু ৰাজা ৰঘুবংশীৰ বিবাহ সম্পন্ন হৈছিল। হানিমুনৰ উদ্দেশ্যে দুয়ো মেঘালয় গৈছিল, য’ত ৰাজাক পৰিকল্পিতভাৱে হত্যা কৰা হয়। এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে, যদিও সোণম এতিয়াও গুম হৈ আছে।
সোণমৰ সন্ধান আৰু হত্যাকাণ্ডৰ পূৰ্ণ সত্য উন্মোচন হ’বলৈ সময় লাগিব বুলি অনুমান কৰা হৈছে।
