বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে বিমান পৰিবহণ মন্ত্ৰালয়ৰ সুকীয়া তদন্ত কমিটী গঠন

ডিজিটেল ডেস্কঃ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সুকীয়াকৈ তদন্ত কৰিব। শুকুৰবাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে মন্ত্ৰালয়ে উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠনৰ কথা ঘোষণা কৰিছে।

এই সমিতিৰ প্ৰাৰম্ভিক কাম-কাজৰ কথাও দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৰ নেতৃত্বত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছে। কোৱা হৈছে যে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰাৰ উপৰিও কমিটীয়ে দেশত বিমান চলাচলৰ বাবে বৰ্তমান প্ৰচলিত নিৰ্দিষ্ট নিয়ম বা এছ অ’ পি সমূহো পৰীক্ষা কৰিব। 

সমিতিৰ সদস্যসকলে বৰ্তমান মানি চলা সুৰক্ষা বিধিসমূহ পুনৰীক্ষণ কৰিব। এই সমিতিৰ নেতৃত্বত থাকিব কেন্দ্ৰীয় গৃহ সচিব। সদস্যসকলৰ ভিতৰত গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলো থাকিব। 

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ভৱিষ্যতে এনেধৰণৰ বিমান দুৰ্ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে কমিটীয়ে সুৰক্ষা বা প্ৰশাসনিক প্ৰস্তাৱ আগবঢ়াব। বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে কমিটীৰ সদস্যসকলে দুৰ্ঘটনাৰ মূল কাৰণ কি সেই সন্দৰ্ভত তদন্ত কৰিব। দুৰ্ঘটনাৰ কাৰণ যান্ত্ৰিক দোষ নে পাইলটৰ ভুল, সকলো তদন্ত কৰা হ’ব।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এ এ আই বি)য়ে ইতিমধ্যে বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ২০১২ চনত গঠন হোৱা এ.এ.আই.বি.-এ ইয়াৰ পূৰ্বে অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই বিমান দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব লৈছিল। শুকুৰবাৰে সমান্তৰালভাৱে এই সংস্থাটোৱেও নিজাববীয়াকৈ পৃথক তদন্ত কৰিব বুলি বিমান কৰ্তৃপক্ষই জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top