অমৃতপ্ৰভাৰ পিছত জামিন লাভ সন্দীপন গাৰ্গৰ

অমৃতপ্ৰভাৰ পিছত জামিন লাভ সন্দীপন গাৰ্গৰ

অমৃতপ্ৰভাৰ পিছত জামিন লাভ সন্দীপন গাৰ্গৰ

গুৱাহাটীঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্দীপন গাৰ্গৰ জামিন আবেদন মঞ্জুৰ কৰে। ইয়াৰ পূৰ্বে এই গোচৰতে অভিযুক্ত অমৃতপ্ৰভা মহন্তয়ো জামিন লাভ কৰিছিল।

উল্লেখ্য যে, বৰ্তমান বাক্সাৰ নিকাছি কাৰাগাৰত কাৰাবন্দী হৈ আছে সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সন্দীপন গাৰ্গ ছিংগাপুৰত উপস্থিত আছিল। ছিংগাপুৰত অনুষ্ঠিত য়ট পাৰ্টীৰ সময়ত জুবিন গাৰ্গৰ সৈতে সাগৰত সাঁতুৰিছিল সন্দীপনে বুলি জানিব পৰা গৈছে।

সন্দীপন গাৰ্গৰ জামিনৰ শুনানি গ্ৰহণ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় সংৰক্ষিত ৰাখিছিল। অৱশেষত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে। অৱশ্যে, সকলো প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব। ২ নৱেম্বৰত সন্দীপন গাৰ্গ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top