ধাৰাপুৰৰ হোমষ্টেত বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃ*ত্যু
নিমিষা ঠাকুৰীয়াৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য, ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ
অভিযুক্ত আশ্বিক আলীক আটক, CCTV–ৰেজিষ্টাৰ–মোবাইল জব্দ আৰক্ষীৰ

গুৱাহাটী মহানগৰীৰ ধাৰাপুৰত এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ হোমষ্টেত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰীগৰাকীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতকৰ ছাত্ৰী নিমিষা ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে এটাৰ পাছত আন এটা তথ্য পোহৰলৈ অহাৰ লগতে নিমিষাৰ পৰিয়ালে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। পৰিয়ালৰ ভাষ্য অনুসৰি, সন্ধিয়া প্ৰায় ৫ বজাত খাবলৈ যোৱাৰ কথা কৈ নিমিষা ঘৰৰ পৰা ওলাই গৈছিল। পৰৱৰ্তী সময়ত বান্ধৱীৰ সৈতে হোষ্টেলত থকাৰ কথা পৰিয়ালক জনাইছিল বুলি জানিব পৰা গৈছে।

কিন্তু নিশা প্ৰায় ২ বজাত নিমিষাই মাতৃলৈ ফোন কৰি অসহায় অৱস্থাত সহায় বিচৰা বুলি পিতৃয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰিছে। পিতৃৰ ভাষ্য অনুসৰি, ফোনত নিমিষাই কোৱা শুনা গৈছিল— ‘‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে। উশাহ ল’ব পৰা নাই।’’
ইয়াৰ পাছতে ফোনটো নিস্তব্ধ হৈ পৰে বুলি পৰিয়ালে জানিবলৈ দিয়ে। পিতৃৰ দাবী অনুসৰি, ফোনৰ সময়ছোৱাত কোনোবা দুজন যুৱকৰ কণ্ঠও শুনা গৈছিল।
ঘটনাটোক লৈ আজাৰা আৰক্ষীৰ তদন্তক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে নিমিষাৰ পিতৃয়ে। তেওঁ দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই কয় যে ২২ বছৰীয়া ছোৱালীজনীৰ ভৱিষ্যৎ লৈ চিন্তা কৰাৰ সময়তে এতিয়া পৰিয়ালে তেওঁৰ শেষকৃত্যৰ কথা চিন্তা কৰিবলগীয়া হৈছে।

ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে হোমষ্টেটোৰ পঞ্জীয়ন বহী, CCTV ফুটেজ আৰু মৃত ছাত্ৰীগৰাকীৰ মোবাইল ফোন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সময়ত হোমষ্টেত কোন কোন লোক উপস্থিত আছিল আৰু কি পৰিস্থিতিত নিমিষাৰ মৃত্যু ঘটিল, সেই সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

ইতিমধ্যে নিমিষা ঠাকুৰীয়া কাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উঠা আশ্বিক আলীক আৰক্ষীয়ে আটক কৰা হৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু মৃত্যুৰ পৰিস্থিতি আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।
আনহাতে, নিমিষাৰ মৃত্যুৰ আঁৰত ‘লাভ জেহাদ’ৰ সন্দেহ থকা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হোৱা নাই আৰক্ষী; তদন্তৰ জৰিয়তে ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

ঘটনাটোৰ পিছতে মহানগৰীৰ গড়ল অঞ্চলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। নিমিষাৰ মৃত্যুৰ ন্যায় বিচাৰি স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে ঘাইপথ অৱৰোধ কৰি ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
