হোমষ্টেত যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু*
আৰক্ষীৰ জেৰাত অভিযুক্ত আছিক আলীৰ বিস্ফোৰক দাবী, তদন্তত পোহৰলৈ আহিছে নতুন তথ্য
গুৱাহাটীৰ গড়চুকৰ এটা হোমষ্টেত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্য। সময় বাগৰাৰ লগে লগে ঘটনাটোৰ তদন্তত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা নতুন তথ্য।

ঘটনাৰ মূল অভিযুক্ত আছিক আলীক গড়চুক থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিব পৰা মতে, সোমবাৰে আছিক আলীক আদালতত হাজিৰ কৰোৱা হ’ব। অধিক তদন্তৰ বাবে আৰক্ষীয়ে আদালতৰ পৰা আছিকক সাত দিনৰ জিম্মাত বিচাৰিব পাৰে বুলিও জানিব পৰা গৈছে।

ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাত আছিক আলীৰ উপৰি আন কোনো লোক জড়িত আছিল নেকি, সেই দিশতো তদন্ত চলাইছে আৰক্ষীয়ে। সম্ভাৱ্যভাৱে জড়িত আন লোকৰ সন্ধানত তদন্তকাৰী বিষয়াসকলে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আছিক আলীৰ পূৰ্বৰ কাৰ্যকলাপ সন্দৰ্ভতো তথ্য সংগ্ৰহ কৰা হৈছে। চুৰি, ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে তেওঁৰ নাম জড়িত থকাৰ অভিযোগৰ বিষয়েও অনুসন্ধান চলিছে। লগতে আছিকৰ একাংশ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰা বুলি আৰক্ষীৰ সূত্ৰই দাবী কৰিছে। কিছুদিন পূৰ্বে মেঘালয়ত গ্ৰেপ্তাৰ হোৱা অসমৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আছিকৰ কোনো সম্পৰ্ক আছিল নেকি, সেই বিষয়েও তদন্ত চলিছে।
আনহাতে, মৃত যুৱতীগৰাকীৰ সৈতে আছিকৰ সম্পৰ্ক আৰু যুৱতীগৰাকীৰ আগত আছিকে নিজৰ পৰিচয় কেনেদৰে দাঙি ধৰিছিল, সেই দিশতো তদন্ত অব্যাহত আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকীৰ আগত আছিকে নিজকে মহাবিদ্যালয়ত অধ্যয়নৰত বুলি পৰিচয় দিয়াৰ তথ্য লাভ কৰা হৈছে। তেওঁ নিজৰ প্ৰকৃত পেছা বা পৰিচয় সম্পৰ্কে কোনো তথ্য গোপন কৰিছিল নেকি, সেই বিষয়েও অনুসন্ধান চলিছে।
ইফালে, পূব সংমণ্ডলৰ DCP বলীন দেউৰীয়ে কয় যে আছিক আলীয়ে আৰক্ষীক জনোৱা অনুসৰি, যুৱতীগৰাকীয়ে ফোনত ‘চিপ লগাইছিল’ বুলি দাবী কৰিছে। অৱশ্যে আৰক্ষীয়ে কোনো পক্ষৰ কথাকে চূড়ান্ত সত্য বুলি ধৰি নলৈ তদন্ত অব্যাহত ৰখা বুলি DCPগৰাকীয়ে স্পষ্ট কৰে।
ঘটনাটোৰ প্ৰকৃত ৰহস্য তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
