শিৱসাগৰত হোমষ্টেৰ নামত অবাধ যৌ*নতাৰ বেহাৰ
স্কুল-কলেজৰ ছাত্ৰীক লৈ লাকুৱাৰ মোক্তাৰ ৰহমানে শিৱসাগৰত দীৰ্ঘদিনে চলাই আহিছিল হোমষ্টেৰ ব্যৱসায়
শিৱসাগৰৰ Cloud 9 হোম’ষ্টেত আৰক্ষীৰ নিশা অভিযান।
শিৱসাগৰৰ বনীয়াবাৰীত নিশা অভিযান চলাই হোমষ্টেটোত দুই যুৱকসহ তিনি কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
কিশোৰী তিনিগৰাকী এখন মহাবিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।

CLOUD 9 হোমষ্টে পৰিচালনা কৰা ধনজিৎ বৰগোঁহাই আৰু আন এটা হোমষ্টেৰ পৰিচালক মানস দত্তকো আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে দুই যুৱক ৰকিব আলি আৰু ৱাৰিছ আহমেদক আটক কৰি শিৱসাগৰ সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে
ইফালে হোমষ্টেটোৰ কোনো বৈধ নথি পত্ৰ নাই বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।
হোমষ্টেৰ স্বতাধিকাৰী মোক্তাৰ ৰহমানে আত্মগোপন কৰিছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।
