মাতৃৰ মৃতদেহ শ্মশানলৈ নিয়াৰ পথতেই পুত্ৰৰ কৰুণ মৃত্যু
মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিয়াৰ সময়তে সংঘটিত হোৱা এক মর্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিজয়নগৰ উপ ডাকঘৰৰ পৰিচালক পৰাগ দাসে। শনিবাৰে পুৱা গুৱাহাটীৰ আজাৰা অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, মহানগৰীৰ আজাৰাৰ হাটখোৱা পাৰাৰ বাসিন্দা পৰাগ দাসৰ বৃদ্ধা মাতৃৰ বাৰ্ধক্যজনিত কাৰণত শুকুৰবাৰে নিশা মৃত্যু হৈছিল। শনিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত পৰিয়ালৰ সদস্য, আত্মীয় আৰু ইষ্ট-কুটুম্বৰ সৈতে মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ লৈ গৈ থকা সময়তে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ চেষ্টা কৰে।
সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে পৰাগ দাসক মহতিয়াই নিয়ে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হয়।

খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
মাকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ওলাই অহা পুত্ৰই নিজেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱা এই হৃদয়বিদাৰক ঘটনাই পৰিয়াল, আত্মীয়-স্বজন আৰু স্থানীয় বাসিন্দাসকলক শোকাহত কৰি তুলিছে।
