সংস্কৃত বিশ্ববিদ্যালয়লৈ এক কোটি টকাৰ দান আগবঢ়ালে ড০ নন্দিতা ভট্টাচাৰ্যই

সংস্কৃত বিশ্ববিদ্যালয়লৈ এক কোটি টকাৰ দান আগবঢ়ালে ড০ নন্দিতা ভট্টাচাৰ্যই

সংস্কৃত বিশ্ববিদ্যালয়লৈ এক কোটি টকাৰ দান আগবঢ়ালে ড০ নন্দিতা ভট্টাচাৰ্যই

সমাজমুখী চিন্তাৰে গৱেষণা আৰু উচ্চ শিক্ষাৰ বিকাশৰ বাবে মহৎ পদক্ষেপ

সমাজৰ কল্যাণ আৰু নতুন প্ৰজন্মৰ উচ্চ শিক্ষাৰ বিকাশৰ স্বাৰ্থত এক অনন্য দৃষ্টান্ত স্থাপন কৰিলে কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড০ নন্দিতা ভট্টাচাৰ্যই। তেওঁ নিজৰ কৰ্মজীৱনত সঞ্চয় কৰা এক কোটি টকা কোনো ধৰণৰ চৰ্ত আৰোপ নকৰাকৈ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচ্য অধ্যয়ন বিশ্ববিদ্যালয়লৈ দান আগবঢ়াইছে।

এই দানৰ বিষয়ে আনুষ্ঠানিকভাৱে পোহৰলৈ আহে যেতিয়া ১৫ জুলাইত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰহ্লাদ আৰ. যোশীৰ নেতৃত্বত ৰেক্টৰ অধ্যাপিকা মল্লিকা কলিতা, পঞ্জীয়ক মনোজ শৰ্মা আদি বিষয়ববীয়াই কাহিলীপাৰাস্থিত ড০ নন্দিতা ভট্টাচাৰ্য আৰু তেওঁৰ স্বামী, কটন কলেজৰ ৰাসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ড০ পন্নলাল গোস্বামীৰ বাসগৃহত উপস্থিত হৈ দুয়োকে সম্বৰ্ধনা জনায়।

জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত পূৰ্বে আগবঢ়োৱা ধনৰ সঠিক আৰু স্বচ্ছ ব্যৱহাৰ, বিশেষকৈ গৱেষণাৰ বাবে আৰম্ভ কৰা নতুন ৰিছাৰ্চ কৰ্ণাৰৰ কাম-কাজ দেখি অনুপ্ৰাণিত হৈ ড০ ভট্টাচাৰ্যই এই বৃহৎ দান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশেষ তাৎপৰ্যপূৰ্ণ কথা হৈছে, এই দানৰ সৈতে কোনো ব্যক্তিগত চৰ্ত বা নামকৰণৰ দাবী জড়িত নহয়। নতুন প্ৰজন্মৰ গৱেষণা আৰু জ্ঞানচৰ্চাৰ বিকাশৰ স্বাৰ্থত ধনৰ সঠিক ব্যৱহাৰ হওক—এই উদ্দেশ্যৰে তেওঁ সম্পূৰ্ণ নিঃস্বাৰ্থভাৱে এই ধন আগবঢ়ায়।

ড০ নন্দিতা ভট্টাচাৰ্যই ১৯৭১ চনত কটন কলেজত শিক্ষকতা আৰম্ভ কৰি ২০০৯ চনত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ স্বামী ড০ পন্নলাল গোস্বামীও একেখন শিক্ষানুষ্ঠানৰ ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। দুয়ো সৰল জীৱন-যাপনৰ বাবে পৰিচিত। বস্তুবাদত বিশ্বাস নকৰি জ্ঞানচৰ্চা, গৱেষণা আৰু সমাজসেৱাকেই জীৱনৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰি আহিছে।

দুয়ো বৰ্তমানেও গৱেষণা আৰু সাহিত্যচৰ্চাৰ সৈতে জড়িত। তেওঁলোকে যৌথভাৱে প্ৰকাশ কৰি আহিছে দ্বিভাষিক গৱেষণা পত্ৰিকা ‘ঐতিহ্য – The Heritage’, যাৰ ইতিমধ্যে ৩৪টা সংখ্যা প্ৰকাশ পাইছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে।

ড০ নন্দিতা ভট্টাচাৰ্যই কয় যে চৰকাৰে জনসাধাৰণৰ কৰৰ ধনেৰে প্ৰদান কৰা দৰমহাৰ একাংশ সমাজলৈ ঘূৰাই দিয়াটো নিজৰ সামাজিক দায়িত্ব বুলি তেওঁ অনুভৱ কৰে। সেই উপলব্ধিৰ পৰাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁৰ এই সিদ্ধান্তত স্বামী ড০ পন্নলাল গোস্বামী আৰু পৰিয়ালৰ আন সদস্যসকলেও পূৰ্ণ সমৰ্থন আগবঢ়ায়।

ড০ নন্দিতা ভট্টাচাৰ্য আৰু ড০ পন্নলাল গোস্বামীৰ এই নিঃস্বাৰ্থ দান আৰু সৰল জীৱনশৈলীয়ে সমাজত শিক্ষাৰ প্ৰতি দায়বদ্ধতা আৰু সমাজসেৱাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ব্যাপক প্ৰশংসা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top