চিপাঝাৰত বিবাহিত মহিলাৰ ঘৰত যুৱকক ধৰি আৰক্ষীক গতালে ৰাইজ, নিশা উত্তপ্ত পৰিস্থিতি
দৰং জিলাৰ চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াদৈ অঞ্চলত শনিবাৰে নিশা সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় লোকসকলে এগৰাকী বিবাহিত মহিলাৰ ঘৰৰ ভিতৰত এজন যুৱকক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
স্থানীয় সূত্ৰৰ মতে, ধৃত যুৱকজনৰ নাম নাৰায়ণ দাস। অভিযোগ অনুসৰি, মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকাৰ সুযোগত নাৰায়ণ দাস নিশা মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল। সন্দেহজনক পৰিস্থিতিত দুয়োকে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে ঘটনাস্থলীত ভিৰ কৰে আৰু যুৱকজনক আটক কৰি আৰক্ষীক খবৰ দিয়ে।
খবৰ পাই চিপাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনকে নিজৰ জিম্মাত লয় আৰু থানালৈ লৈ যায়। ঘটনাক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে বুঢ়াদৈ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
