মঠঘৰীয়া দুৰ্ঘটনা কাণ্ডত নতুন মোড় — মূল অভিযুক্ত ছামিম আহমেদ ১০ দিনৰ ন্যায়িক জিম্মালৈ

মঠঘৰীয়া দুৰ্ঘটনা কাণ্ডত নতুন মোড় — মূল অভিযুক্ত ছামিম আহমেদ ১০ দিনৰ ন্যায়িক জিম্মালৈ

মঠঘৰীয়া দুৰ্ঘটনা কাণ্ডত নতুন মোড় — মূল অভিযুক্ত ছামিম আহমেদ ১০ দিনৰ ন্যায়িক জিম্মালৈ

মঠঘৰীয়াৰ শিহৰণকাৰী পথ দুৰ্ঘটনা কাণ্ডত মূল অভিযুক্ত চালক ছামিম আহমেদক আদালতে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। চাৰিদিনৰ আৰক্ষী জিম্মাৰ অন্তত শনিবাৰে তেওঁক কামৰূপ মেট্ৰ’ৰ CJM আদালতত হাজিৰ কৰোৱা হয়। আদালতে শুনানি গ্ৰহণ কৰি অহা ১২ এপ্ৰিললৈকে তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি, দুৰ্ঘটনাৰ পিছত উদ্ধাৰ হোৱা তেজেৰে লুতুৰি-পুতুৰি পোছাকৰ নমুনা পৰীক্ষাৰ বাবে আৰক্ষীয়ে আদালতত আবেদন জনায়। আদালতে সেই আবেদন মঞ্জুৰ কৰি ছামিম আহমেদৰ তেজৰ নমুনা সংগ্ৰহৰ অনুমতি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, সোমবাৰে মঠঘৰীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী শিক্ষিত যুৱতী—আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদে। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল অভিযুক্ত ছামিম আহমেদে। গুৱাহাটীৰ পৰা পলায়ন কৰি শ্বিলঙত আত্মগোপন কৰিছিল তেওঁ। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে, চিনাক্ত হোৱাৰ ভয়তে শ্বিলঙৰ এখন চেলুনত চুলি-দাড়ি কটাই ৰূপ সলনি কৰাৰ চেষ্টা কৰিছিল তেওঁ।

শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্তজনক ঘটনাস্থলীলৈ লৈ গৈ পুনৰ নিৰ্মাণ (reconstruction) কৰে। তাৰ পিছতে শ্বিলঙৰ সেই চেলুনখনতো লৈ যোৱা হয়। একেদিনাই মঠঘৰীয়াৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় ছামিমে দুৰ্ঘটনাৰ সময়ত পিন্ধি থকা তেজলগা পোছাক।

ইয়াৰ লগতে আৰক্ষীৰ তদন্তত ওলাই আহিছে আন কিছু চাঞ্চল্যকৰ তথ্য। ছামিম আহমেদে তথাকথিত “এছক’ৰ্ট ছাৰ্ভিচ” চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই দিশতো তদন্ত অব্যাহত আছে।

বৰ্তমান আৰক্ষীয়ে গভীৰভাৱে জেৰা অব্যাহত ৰাখিছে অভিযুক্তজনক। তদন্তৰ অগ্ৰগতিত আগন্তুক দিনত আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য, ছামিম আহমেদৰ ঘৰ বৰপেটা জিলাত যদিও তেওঁ গোৱালপাৰাত পঢ়াশুনা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top