বিশেষ আদালতত হাজিৰ তিনিজন অভিযুক্ত, চুমী বৰা অনুপস্থিত

বিশেষ আদালতত হাজিৰ তিনিজন অভিযুক্ত, চুমী বৰা অনুপস্থিত ।Sumi Borah 

Sumi Borah । বিশেষ আদালতত আজি অনুষ্ঠিত হোৱা গোচৰটোৰ শুনানিত তাৰ্কিক বৰা, বিশাল ফুকন আৰু অভিজিৎ চান্দ হাজিৰ হয়। অৱশ্যে ব্যক্তিগত অসুবিধাৰ (Personal Difficulty) অজুহাত দেখুৱাই অভিযুক্ত চুমী বৰা আদালতত হাজিৰ নহ’ল।

আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ১০ ফেব্ৰুৱাৰী ধাৰ্য কৰে। সেইদিনাই গোচৰটোৰ সৈতে জড়িত ৪ অভিযুক্তক চাৰ্জশীটৰ কঁপি প্ৰদান কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে। চাৰ্জশীটৰ কঁপি প্ৰদানৰ পাছতে অভিযুক্ত চাৰি জনৰ বিৰুদ্ধে চাৰ্জফ্ৰেমিংৰ বাবে শুনানি অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, গোচৰটো লৈ আদালতীয় প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে পৰৱৰ্তী শুনানিৰ দিনটো গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top