CM ASSAM । ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে ইতিমধ্যে ৫০টা সমষ্টিত প্ৰাৰ্থী তালিকা সাজু কৰি ৰাখিছে। কেন্দ্ৰীয় নেতৃত্বৰ ছীল-মোহৰ পালে আনুষ্ঠানিকভাৱে এই তালিকা ঘোষণা কৰা হ’ব। এই কথা স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে বিভিন্ন অনুষ্ঠানত অংশ লৈ সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। লখিমপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক মানৱ ডেকাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰে। আনহাতে ঢকুৱাখনাত পুনৰ বিজেপিৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেক।
কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৫০টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হৈ আছে। মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানৰ জৰিয়তে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰা মুখ্যমন্ত্ৰীয়ে জনসভাত অংশ লৈ ২০২৬ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে যিসকল বৰ্তমানৰ বিজেপি বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড ভাল, জনসম্পৰ্ক শক্তিশালী আৰু চৰকাৰী আঁচনি ৰূপায়নত সফল, তেনে বিধায়কৰ টিকট কটা নাযায়। সমষ্টি উন্নয়ন আৰু ৰাইজৰ সৈতে সংযোগ ৰক্ষা কৰা বিধায়কসকলেই ২০২৬তো বিজেপিৰ টিকট লাভ কৰিব বুলি ঘোষণা কৰিছে তেওঁ।
বুধবাৰে ঢকুৱাখনাত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ’২৬ত পুনৰ নৱ কুমাৰ দলেক ভোট দিয়াৰ আহ্বান জনায়। বৃহস্পতিবাৰে লখিমপুৰত একেদৰে ঘোষণা কৰে যে ২০২৬ত মানৱ ডেকাই বিজেপিৰ প্ৰাৰ্থী হ’ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়—
“মই বিজেপিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত হিণ্ট নিদিওঁ। য’ত ক’ব পাৰি তাত ডাইৰেক্ট ক’ম। হিণ্ট দিয়াটো মোৰ স্বভাৱ নহয়।”
ঢকুৱাখনা আৰু লখিমপুৰৰ উপৰিও সৰুপথাৰ সমষ্টিতো বৰ্তমানৰ বিধায়ক বিশ্বজিত ফুকনৰ পক্ষত প্ৰচাৰ চলাই ৰাইজক ২০২৬ৰ নিৰ্বাচনত আশীৰ্বাদ দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
কেৱল বিজেপিৰ দখলত থকা সমষ্টিতেই নহয়, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈও মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। অগপ সভাপতি অতুল বৰাৰ সমষ্টি সলনি কৰাৰ সন্দৰ্ভত চলি থকা চৰ্চাক নস্যাৎ কৰি বোকাখাতত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অতুল বৰাই পুনৰ বোকাখাতৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ কেইবাজনো বিধায়কক পুনৰ জয়যুক্ত কৰিবলৈ ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে যদিও বিজেপিয়ে এতিয়ালৈকে ২০২৬ৰ নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই। আনহাতে মিত্ৰ দল অগপৰ ভিতৰত প্ৰাৰ্থিত্বক লৈ দাবী-আপত্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিছু সমষ্টিত বিজেপি আৰু অগপৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতো তুংগত উঠিছে।
তথাপি ৰিপ’ৰ্ট কাৰ্ড ভাল থকা আৰু প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিয়া বিষয়টোৱে ২০২৬ৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।
