Sivasagar AASU General Meeting । কৰ্মী সভাত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য,সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন ।
কৰ্মীসভাত অংশগ্ৰহণ কৰি জামিয়ত উলেমা হিন্দ ,মৌলবাদীৰ উত্থান আৰু বিদেশী বিতাড়ন সম্পৰ্কে মন্তব্য উৎপল শৰ্মা,সমীৰণ ফুকন আৰু সমুজ্জ্বল ভট্টাচাৰ্য্যৰ।

অসম আন্দোলনৰ সময়ৰ পৰাই বাংলাদেশী বিষয়টোক এচামে ৰহণ সানি হিন্দু মুছলমানৰ মাজত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে । মেহমুদ মৌলানা মাদানী অবৈধ বাংলাদেশীৰ ৰক্ষক, মৌলবাদীৰ ৰক্ষক, ৰাষ্ট্ৰদ্ৰোহৰ কাম কাজ কৰি আহিছে।কেইদিনমানৰ আগতে এগৰাকী মহিলা আহি বাংলাদেশীৰ সমৰ্থনত কৈ গ’ল ।অসমৰ মাটিত আহি ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে , অবৈধ বাংলাদেশীক সমৰ্থন কৰিছে। এই সকলৰ বিৰুদ্ধে চৰকাৰে, আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল’ব লাগে যদিও ব্যৰ্থ হৈছে। – সমুজ্জ্বল ভট্টাচাৰ্য্য
কংগ্ৰেছ সদায়েই অবৈধ প্ৰব্ৰজনকাৰীৰ পক্ষত থকাৰ কথা নতুন নহয় কংগ্ৰেছ অবৈধ বাংলাদেশীৰ ৰক্ষক। বিৰোধী দলপতি দেবব্রত শইকীয়াই কি মন্তব্য কৰিছে সেইয়া বিচাৰ্যৰ বিষয় নহয় । অসমীয়া জাতি নিজৰ আত্মসন্মান আত্মমৰ্য্যদাৰে সদায় জীয়াই থাকিব । মাদানীৰ মন্তব্যক কোনেও গুৰুত্ব নিদিয়ে । মাদানী উচ্ছেদিত লোকৰ কাষত মানৱীয় দৃষ্টিকোণেৰে থিয় দিছে তাত কবলগীয়া একো নাই । কিন্তু সাম্প্ৰদায়িক অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কোনোবাই চেষ্টা কৰিব তাক হবলৈ দিয়া নহব। অসমত সদায়েই এটা তৃতীয় পক্ষই সদায়েই চেষ্টা কৰি আহিছে । কিন্তু অসমৰ মানুহে জানে কি কৰিব লাগে কাক গুৰুত্ব দিব লাগে । চৰকাৰে শীঘ্ৰেই মাদানীৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰক । অসমৰ সত্ৰ,নামঘৰ ,বনাঞ্চলসমূহত অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিবই লাগিব ।চৰকাৰে বাংলাদেশী মৌলবাদীৰ বিশেষ গোট গঠন কৰি ব্যবস্থা গ্ৰহণ কৰক ।- সমীৰণ ফুকন
অসম চুক্তিৰ ১০ নং দফাত স্পষ্টভাবে বেদখল আৰু উচ্ছেদৰ বিষয়ে উল্লেখ আছে । অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিবই লাগিব । চুক্তি স্বাক্ষৰ হোৱাৰ ৪০ বছৰত দিল্লী-দিছপুৰৰ চৰকাৰ সমূহে যদি বিদেশী বিতাড়নৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিলেহেতেন এই সমস্যাৰ উদ্ভৱ আজি হয়তো নহলহেতেন। উচ্ছেদিতসকলৰ মাজত যদি বৈধ ভাৰতীয় নাগৰিক আছে তেন্তে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰক ।সেই কথাত আমাৰ সমৰ্থন আছে । কিন্তু ভূমিহীন হোৱাৰ সুযোগ গ্ৰহণ কৰি বৰপেটাৰ পৰা আহি শিৱসাগৰত শ শ বিঘা ভূমি দখল কৰিব সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় । বৰপেটাৰ মানুহক বৰপেটাতে সংস্থাপন দিব লাগিব । অসমৰ বাবে মাদানী বা মাদানীৰ ব্যক্তব্য গুৰুত্বপূৰ্ণ নহয় ।- উৎপল শৰ্মা
