Binanda Kumar Saikia । ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আজি আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিব। তিনিবাৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক হৈ জনসেৱা কৰা শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বিজেপিত যোগদান কৰিছিল।

বিগত বিধানসভা নিৰ্বাচনত শইকীয়াক টিকট নাদিয়াকৈ ড০ পৰমানন্দ ৰাজবংশীক প্ৰদান কৰা হৈছিল টিকট। সেইসময়ৰ পৰা বিজেপিৰ সৈতে তেওঁৰ দূৰত্ব বৃদ্ধি পায়।

সূত্ৰৰ মতে, শইকীয়াই আজি আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত পুনৰ যোগদান কৰিব। তেওঁৰ সৈতে যথেষ্ট সংখ্যক বিজেপি কৰ্মী আৰু সমৰ্থকেও কংগ্ৰেছলৈ উভতি যাব বুলি নিশ্চিত খবৰ লাভ কৰা হৈছে।

শইকীয়াই আজি বিয়লি ভাগত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ আশা কৰা হৈছে।

