Independence day ।সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি স্বাধীনতা দিৱস উজাপৰিতে উদযাপন কৰিলে অসম-মিঞা ‘অসমীয়া’ পৰিষদ। চামগুৰি সমষ্টিৰ অন্তৰ্গত কেইবাটাও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে একত্ৰিত হৈ স্বাধীনতা দিৱস উপলক্ষে পদযাত্ৰাৰ আয়োজন কৰে। ৰূপহী হাটৰ মাগুৰমাৰী বজাৰৰ পৰা আৰম্ভ হোৱা পেৰেড মাৰ্চ শিক্ষাৰ্থীসকলে উল্লাসভাৱে সম্পন্ন কৰে আৰু শেষত কাৱৈমাৰী এফ আৰ ইউৰ সন্মুখত উপস্থিত হয়।

এই অনুষ্ঠানৰ লক্ষ্য আছিল বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত স্বাধীনতা দিৱসৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা আৰু দেশপ্ৰেমৰ চেতনা বৃদ্ধি কৰা। নগাঁও জিলা সমিতি আৰু চামগুৰি সমষ্টি সমিতিৰ উদ্যোগত, অথেন্টিক পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় বিদ্যালয়ৰ শিক্ষাগুৰু, সচেতন নাগৰিক আৰু অসম-মিঞা অসমীয়া পৰিষদৰ সদস্যসকল পদযাত্ৰাত অংশগ্ৰহণ কৰে।ৰাজ্যত অসম-মিঞা ‘অসমীয়া’ পৰিষদৰ স্বাধীনতা দিৱস উদযাপনক লৈ এতিয়া ৰাজ্যত চৰ্চা !
পদযাত্ৰাই স্থানীয় ৰাইজৰ মাজত স্বাধীনতা দিৱসৰ তাৎপৰ্য বুজাবলৈ এক বিশেষ ভূমিকা পালন কৰে বুলি আয়োজকসকলে মত প্ৰকাশ কৰে।
