মহানগৰীত দুৰ্ঘটনাগ্ৰস্ত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন, স্বামী-সন্তানসহ কথমপি ৰক্ষা

মহানগৰীত দুৰ্ঘটনাগ্ৰস্ত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন, স্বামী-সন্তানসহ কথমপি ৰক্ষা

মহানগৰীত দুৰ্ঘটনাগ্ৰস্ত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন, স্বামী-সন্তানসহ কথমপি ৰক্ষা

গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন। পুৱতিনিশা প্ৰায় ৩ বজাত সংঘটিত এই দুৰ্ঘটনাত অভিনেত্ৰীগৰাকীৰ সৈতে বাহনখনত থকা স্বামী আৰু সন্তানৰো কোনো ক্ষতি হোৱা নাই। সৌভাগ্যক্ৰমে পৰিয়ালটো সুৰক্ষিতভাৱে ৰক্ষা পৰে।

জানিব পৰা মতে, বৰষাৰাণী বিষয়া স্বামী আৰু সন্তানৰ সৈতে জু-তিনিআলিৰ দিশৰ পৰা গীতানগৰ অভিমুখে গৈ আছিল। AS-01-GU-0073 নম্বৰৰ XUV বাহনখন গৈ থকা অৱস্থাতে হঠাৎ মহানগৰীৰ হাতীগড় চাৰিআলিত পথৰ ডিভাইডাৰত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল অক্ষত অৱস্থাত ৰক্ষা পৰে।

সম্প্ৰতি দুৰ্ঘটনাগ্ৰস্ত বাহনখন গীতানগৰ আৰক্ষী থানাত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top