দুলীয়াজানত ট্ৰিপল মাৰ্ডাৰ! বন্ধ ঘৰৰ ভিতৰত তিনিটা মৃতদেহ, আধা খোৱা চাহৰ কাপ আৰু বিস্কুটৰ প্লেটে সৃষ্টি কৰিছে ৰহস্যৰ

দুলীয়াজানত ট্ৰিপল মাৰ্ডাৰ! বন্ধ ঘৰৰ ভিতৰত তিনিটা মৃতদেহ, আধা খোৱা চাহৰ কাপ আৰু বিস্কুটৰ প্লেটে সৃষ্টি কৰিছে ৰহস্যৰ

দুলীয়াজানত ট্ৰিপল মাৰ্ডাৰ! বন্ধ ঘৰৰ ভিতৰত তিনিটা মৃতদেহ, আধা খোৱা চাহৰ কাপ আৰু বিস্কুটৰ প্লেটে সৃষ্টি কৰিছে ৰহস্যৰ

পুৱা ৮ বজাত দুজন ঘাতকে প্ৰৱেশ কৰাৰ সন্দেহ আৰক্ষীৰ, CCTVৰ সংযোগ বিচ্ছিন্ন কৰি ছাতি লৈ আহিছিল দুই অভিযুক্ত! হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত সন্ধানহীন ভাড়াতীয়া ৰাজু দাসক বিচাৰি আৰক্ষীৰ অভিযান।

দুলীয়াজানৰ কমলাবাৰীত সংঘটিত ট্ৰিপল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন্ধ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ। ড্ৰয়িং ৰুম, পাকঘৰ আৰু শোৱনি কোঠা—ঘৰৰ তিনিটা পৃথক কোঠাত উদ্ধাৰ হোৱা তিনিটা মৃতদেহক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে বহু প্ৰশ্নৰ।

ড্ৰয়িং ৰুমত তেজৰ ডোঙাৰ মাজত পৰি আছিল OILৰ অৱসৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ। পাকঘৰত উদ্ধাৰ হৈছিল পত্নী এলিজা ভূঞাৰ নিথৰ দেহ। বিশেষভাৱে চৰ্চালৈ আহিছে এলিজাৰ মৃতদেহৰ কাষত পৰি থকা আধা খোৱা একাপ চাহ আৰু বিস্কুটৰ প্লেটখন। আনহাতে, শোৱনি কোঠাত লণ্ডভণ্ড হৈ থকা আলমাৰিৰ কাষত উদ্ধাৰ হৈছিল দম্পতীটোৰ ২৬ বছৰীয়া কন্যা নীহাৰিকা ভূঞাৰ মৃতদেহ।

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল এই ঘটনা?

জানিব পৰা মতে, সোমবাৰে দিনৰ ভাগত ষট পূজাৰ প্ৰসাদ দিবলৈ চন্দ্ৰকান্ত ভূঞাৰ বাসগৃহলৈ আহিছিল এগৰাকী প্ৰতিবেশী। কিন্তু কেইবাবাৰো কলিং বেল বজোৱাৰ পাছতো ঘৰৰ দুৱাৰ নোখোলাত প্ৰসাদ ভাড়াতীয়াৰ হাতত দি উভতি গৈছিল প্ৰতিবেশীগৰাকী।

পৰৱৰ্তী সময়ত ভাড়াতীয়া মহিলাগৰাকীয়েও ষট পূজাৰ প্ৰসাদ লৈ ভূঞা পৰিয়ালৰ দুৱাৰত উপস্থিত হৈছিল। কিন্তু বহু সময় ধৰি কলিং বেল বজোৱাৰ পাছতো কোনো সঁহাৰি নাপালে। ইফালে, চন্দ্ৰকান্ত ভূঞা আৰু তেওঁৰ পত্নীলৈ কৰা ফোনকলৰো উত্তৰ নোপোৱাত চিন্তিত হৈ পৰে মহিলাগৰাকী।

সন্ধিয়া হোৱাৰ পাছতো পৰিয়ালটোৰ কোনো খবৰ নোপোৱাত ভাড়াতীয়া মহিলাগৰাকীয়ে স্বামীক অফিচৰ পৰা মতাই আনে। তাৰ পাছতে সমগ্ৰ বিষয়টো দুলীয়াজান আৰক্ষীক অৱগত কৰা হয়।

দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ আৰক্ষীৰ

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় দুলীয়াজান আৰক্ষীৰ দল। ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ সন্মুখত পোহৰলৈ আহে ভয়ংকৰ দৃশ্য। ঘৰৰ ড্ৰয়িং ৰুমত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি আছিল চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এটা এটাকৈ আন দুটা কোঠাৰ পৰা এলিজা ভূঞা আৰু নীহাৰিকা ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাথমিক পৰ্যবেক্ষণত তিনিওগৰাকী লোকৰ মূৰ আৰু মুখমণ্ডলত লোহাজাতীয় বস্তুৰে আঘাত কৰাৰ চিন ধৰা পৰিছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৰড আৰু দাও উদ্ধাৰ কৰিছে।

চন্দ্ৰকান্ত ভূঞা কোন?

চন্দ্ৰকান্ত ভূঞা আছিল OILৰ অৱসৰপ্ৰাপ্ত বিষয়া। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত দুলীয়াজানৰ কমলাবাৰীত ওচৰা-ওচৰিকৈ দুটা বৃহৎ বাসগৃহ নিৰ্মাণ কৰিছিল তেওঁ। আনহাতে, স্নাতকোত্তৰ শাখাত অধ্যয়নৰত ২৬ বছৰীয়া কন্যা নীহাৰিকা নগাঁৱত আছিল।

জানিব পৰা মতে, দেওবাৰে পত্নী এলিজাৰ সৈতে নগাঁৱলৈ গৈ কন্যা নীহাৰিকাক ঘৰলৈ লৈ আহিছিল চন্দ্ৰকান্ত ভূঞাই। কিন্তু ঘৰলৈ উভতি অহাৰ এদিন পাছতেই সমগ্ৰ পৰিয়ালটোৰ ওপৰত নামি আহিল ভয়ংকৰ বিপৰ্যয়।

CCTV বিকল, আলমাৰি লণ্ডভণ্ড—পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ!

ঘটনাস্থলীৰ পৰিস্থিতিয়ে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। বিশেষকৈ নীহাৰিকাৰ মৃতদেহ উদ্ধাৰ হোৱা শোৱনি কোঠাৰ আলমাৰি লণ্ডভণ্ড হৈ থকা অৱস্থাত উদ্ধাৰ হোৱাত ঘৰত চুৰিৰ উদ্দেশ্যে কোনো লোক প্ৰৱেশ কৰিছিল নেকি, সেই সন্দেহ ঘনীভূত হৈছে।

আনহাতে, ঘৰখনৰ CCTV কেমেৰা বিকল হৈ থকা ঘটনাই তদন্তত নতুন মাত্ৰা প্ৰদান কৰিছে। ঘাতকে পূৰ্বপৰিকল্পিতভাৱে CCTVৰ সংযোগ বিচ্ছিন্ন কৰিছিল নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

পুৱা ৮ বজাত দুই ঘাতকৰ প্ৰৱেশৰ সন্দেহ!

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৮ বজাত দুজন লোক চন্দ্ৰকান্ত ভূঞাৰ বাসগৃহত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে। CCTV কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে বৰষুণ নোহোৱাৰ পাছতো দুয়োজনে ছাতি লৈ ঘৰটোত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে।

এই হত্যাকাণ্ডৰ সৈতে ৰাজু দাস নামৰ এজন যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ৰাজু দাস বিগত সাত বছৰে চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। হত্যাকাণ্ডৰ পাছৰে পৰা তেওঁৰ ম’বাইল ফোন বন্ধ হৈ থকাৰ লগতে তেওঁ সন্ধানহীন হৈ আছে। ইতিমধ্যে ৰাজু দাসৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

অৱশ্যে হত্যাকাণ্ডৰ সৈতে ৰাজু দাসৰ প্ৰকৃত সম্পৰ্ক কি, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ফৰেনছিক পৰীক্ষাৰ পাছত মৰণোত্তৰ পৰীক্ষা

ঘটনাস্থলীত নিশা ফৰেনছিক বিশেষজ্ঞৰ দলে পৰীক্ষা-নিৰীক্ষা চলায়। ইয়াৰ পাছতে তিনিওগৰাকী মৃতকৰ নশ্বৰদেহ দুলীয়াজানৰ অইল ইণ্ডিয়া চিকিৎসালয়ৰ মৰ্গত ৰখা হয়।

মঙলবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিওৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত নশ্বৰদেহ তিনিটা চৰাইদেউ জিলাৰ মৰাণজান গাঁৱত থকা তেওঁলোকৰ নিজা বাসগৃহলৈ লৈ যোৱা হ’ব। তাতেই সম্পন্ন কৰা হ’ব শেষকৃত্য।

এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ অহা পৰৱৰ্তী তথ্যৰ বাবে অপেক্ষা কৰিছে সকলোৱে। আধা খোৱা চাহৰ কাপ, লণ্ডভণ্ড আলমাৰি, বিকল CCTV আৰু সন্ধানহীন ভাড়াতীয়া—এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অব্যাহত আছে দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰৰ তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top