হোটেল বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ পৰিচয় উদ্ধাৰ
টকাৰ লেনদেনক কেন্দ্ৰ কৰিয়েই পাঁচজনক হত্যাৰ অভিযোগ! আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য

গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীসহ পাঁচগৰাকীকৈ লোকৰ হত্যাৰ অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ সূত্ৰ অনুসৰি, টকাৰ লেনদেনক কেন্দ্ৰ কৰিয়েই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযুক্তই স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

প্ৰাপ্ত তথ্য অনুসৰি, ৩৫ বছৰীয়া অভিযুক্ত ঘনকান্ত গগৈৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ত। বৰ্তমান তেওঁ গুৱাহাটীৰ বশিষ্ঠৰ সাউকুছি অঞ্চলত ভাড়াঘৰত বাস কৰি আছিল। হত্যাকাণ্ডৰ পিছতে পলাতক অৱস্থাত থকা ঘনকান্তক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পিছত পুৱতি নিশা অভিযুক্তজনক পল্টনবজাৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

ইফালে, হত্যাকাণ্ডত ব্যৱহাৰ কৰা .৩২ পিষ্টলটো ব্যৱসায়ী ঘনকান্ত গগৈৰ নামত পঞ্জীয়ন হৈ আছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। পিষ্টলটোৰ অনুজ্ঞাপত্ৰ নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছত পিষ্টলটোৰ মেগজিনত এটাও গুলী নাছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত একেটা পৰিয়ালৰ চাৰিগৰাকীকৈ সদস্যসহ মুঠ পাঁচগৰাকী লোকৰ মৃত্যু হয়। নিহতসকল হৈছে হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ, বোৱাৰীয়েক ৰিণিকি কাশ্যপ, ভাতৃ ভূদেৱ ভৰালী আৰু নাৰায়ণ দাস।
আনহাতে, এই গুলীচালনাৰ ঘটনাত আহত হোৱা হোটেলখনৰ কেয়াৰটেকাৰ সত্যেন্দ্ৰ পাঠক বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত চিকিৎসাধীন হৈ আছে।

পাঁচগৰাকীকৈ লোকৰ মৃত্যুৰ পিছত সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযুক্তৰ স্বীকাৰোক্তি, হত্যাকাণ্ডত ব্যৱহৃত আগ্নেয়াস্ত্ৰৰ উৎস আৰু ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
