AI-ৰে বিকৃত ফটো ভাইৰেল, মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি কাতৰ আবেদন কবিতা মণ্ডলৰ
AI প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ সৈতে এগৰাকী মহিলাৰ ভুৱা আৰু বিকৃত ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। এই ঘটনাক লৈ কবিতা মণ্ডল নামৰ মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰভাৱে ন্যায় বিচাৰি আবেদন জনাইছে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, AI-ৰ জৰিয়তে বিকৃত কৰা ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত তেওঁ বিভিন্নজনৰ পৰা অপমানসূচক মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছে। ভুৱা প্ৰচাৰৰ ফলত তেওঁৰ সামাজিক সন্মান আৰু ব্যক্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পৰিছে বুলিও তেওঁ অভিযোগ কৰে।
কান্দি-কান্দি নিজৰ বক্তব্য প্ৰকাশ কৰি কবিতা মণ্ডলে কয় যে, তেওঁ এগৰাকী দুখীয়া ঘৰৰ ছোৱালী আৰু এই ঘটনাৰ পিছত বহু কটু মন্তব্য সহ্য কৰিবলগীয়া হৈছে। তেওঁ এই অপপ্ৰচাৰৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনায়।
ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰাও স্পষ্ট কৰা হৈছে যে সামাজিক মাধ্যমত প্ৰচাৰিত সংশ্লিষ্ট ছবিখন AI প্ৰযুক্তিৰ জৰিয়তে বিকৃত কৰা ভুৱা ছবি।

ঘটনাটোৱে পুনৰবাৰ AI প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু সামাজিক মাধ্যমত ভুৱা তথ্য তথা বিকৃত ছবি প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক উজাগৰ কৰিছে। সত্যতা পৰীক্ষা নকৰাকৈ এনে ছবি বা তথ্য প্ৰচাৰ নকৰিবলৈও সচেতন মহলে আহ্বান জনাইছে।
