জে'লতেই থাকিব লাগিব শ্যামকানু মহন্ত!

জে’লতেই থাকিব লাগিব শ্যামকানু মহন্ত!

জে’লতেই থাকিব লাগিব শ্যামকানু মহন্ত!

উচ্চতম ন্যায়ালয়তো নাপালে জামিন, নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়তো জামিন লাভ নকৰিলে। আজি শ্যামকানুৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয় যদিও আদালতে জামিন মঞ্জুৰ নকৰি পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰে।

ইফালে, শ্যামকানুৰ জামিন আবেদনৰ শুনানিক কেন্দ্ৰ কৰি বাক্সা জিলাৰ নিকাচি কাৰাগাৰত আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। শ্যামকানু মহন্তসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাঁচগৰাকী অভিযুক্ত বৰ্তমান নিকাচি কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

উচ্চতম ন্যায়ালয়ত আজি জামিন নোপোৱাৰ পাছত নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শুনানিলৈকে কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top