ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

PWDৰ পুনৰ্গঠনৰ পৰা Green Cess, অগ্নিবীৰৰ সংৰক্ষণলৈ A to Z সিদ্ধান্ত

দেওবাৰে অনুষ্ঠিত অসম ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছত সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

কেবিনেটে PWD (National Highways) বিভাগক PWD (পথ) বিভাগৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই পুনৰ্গঠনৰ বাবে এটা অতিৰিক্ত কমিছনাৰ পদ সৃষ্টিৰ সিদ্ধান্ততো অনুমোদন জনোৱা হৈছে।

ইফালে জল জীৱন মিছন অধিক সুচাৰুৰূপে ৰূপায়ণৰ লক্ষ্যৰে BTC, ডিমা হাচাও আৰু কাৰ্বি আংলং অঞ্চলৰ বাবে তিনিখন MoUত অনুমোদন জনাইছে কেবিনেটে।

Green Cess সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, ইলেক্ট্ৰিক বাহন, CNG বাহন, দুচকীয়া আৰু তিনিচকীয়া বাহনক Green Cessৰ পৰা ৰেহাই দিয়া হ’ব। আনহাতে, অন্যান্য বাহনৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ৩,০০০ টকাৰ Green Cess আৰোপ কৰা হ’ব। এইদৰে সংগৃহীত ধন বনানীকৰণ আৰু গৰা খহনীয়া ৰোধৰ কামত ব্যৱহাৰ কৰা হ’ব।

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, অসম আৰক্ষী, কাৰাগাৰ বিভাগ, SDRF, অগ্নিনিৰ্বাপক বাহিনী, ফ’ৰেষ্ট গাৰ্ড আৰু আবকাৰী বিভাগৰ কনিষ্টবল পদৰ ১২ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষণ কৰা হ’ব। এই সুবিধা লাভৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক।

ইফালে অসমত বৃহৎ বিনিয়োগৰ কথাও কেবিনেট বৈঠকৰ পাছৰ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। চিমেণ্ট নিৰ্মাতা Dalmiaয়ে অসমত প্ৰায় ১০,২০০ কোটি টকা বিনিয়োগ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এই বিনিয়োগৰ সৈতে জড়িত প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়ি যাব।

শিলচৰ আৰু ডিব্ৰুগড় পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় গোচৰ এতিয়াৰে পৰা স্থানীয় আদালততো দাখিল কৰিব পৰা যাব। পূৰ্বতে এনে গোচৰৰ বাবে গুৱাহাটীৰ আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ৰাজ্যিক কেবিনেটে অসম ৰেজিমেণ্টলৈ ১০ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মধুপুৰ সত্ৰ চৰকাৰীভাৱে পৰিচালনা কৰাৰ বাবে অসম চৰকাৰে প্ৰতিমাহে ১ লাখ টকা আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী সময়ত বৰদোৱাৰ দৰে বৃহৎ পৰিসৰৰ ধৰ্মীয়-সাংস্কৃতিক প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে তেওঁ।

ইয়াৰ উপৰি গুৱাহাটীৰ কাছাৰী বজাৰৰ পৰা কামাখ্যালৈ River Front Development

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top