চেঙা সমষ্টিৰ অন্তৰ্গত কালাইৰদিয়াত জল জীৱন মিছন আঁচনিৰ নামত ভেকোঁভাওনা

চেঙা সমষ্টিৰ অন্তৰ্গত কালাইৰদিয়াত জল জীৱন মিছন আঁচনিৰ নামত ভেকোঁভাওনা

চেঙা সমষ্টিৰ অন্তৰ্গত কালাইৰদিয়াত জল জীৱন মিছন আঁচনিৰ নামত ভেকোঁভাওনা

১ কোটি ৪৭ লাখটকীয়া জলজীবন মিছন আঁচনিত NK Power & INFRASTRUCTURE PVT. লিমিটেডৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ

ঠিকাদাৰে আজিলৈকে ৰাইজক দিব পৰা নাই বিশুদ্ধ খোৱাপানী

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিভাগীয়ভাৱে শ শ কোটি টকা খৰচ কৰি জলজীবন মিছন আঁচনি ৰূপায়ণ কৰিলেও জনস্বাস্থ্য কাৰিকৰী বৰপেটা সংমণ্ডলৰ অধীনস্থ বিয়াগোম আঁচনিখন চূড়ান্তভাৱে ভেকোভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কালাইৰদিয়া (১) গাঁওত এনে ঘটনা সংঘটিত হৈছে। গাঁওখনত জলজীবন মিছন আঁচনিৰ ঠিকাদাৰে আজিলৈকে ৰাইজক দিব পৰা নাই বিশুদ্ধ খোৱাপানী এই অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ একাংশ ৰাইজ। ইয়াৰ উপৰি পথৰ দাঁতিত দুই এটা খোলা টেংকি বনাই থকা পৰিলক্ষিত হৈছে। যি টেংকিৰ জৰিয়তে দুর্ঘটনা সংঘটিত হোৱাৰ পূর্ণ সম্ভাবনা আছে।
শীঘ্ৰেই অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাইছে।
লগতে দুৰ্নীতিৰ আশ্ৰয় লোৱা ঠিকাদাৰ তথা বিষয়া অভিযন্তাৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top