Fake Tantrik টীয়কত ভয়ংকৰ কাণ্ড//ভণ্ড তান্ত্ৰিকৰ কামনাৰ বলী ৯ বছৰীয়া কিশোৰী//আৰক্ষীৰ জালত ৫৮ বছৰীয়া লম্পট তান্ত্ৰিক
এইবাৰ তেল জাৰি দিয়াৰ চলেৰে কিশোৰীক শাৰিৰীক অত্যাচাৰ। ভণ্ড তান্ত্ৰিকৰ কামনাৰ বলী ৯ বছৰীয়া কিশোৰী। আৰক্ষীৰ জালত ৫৮ বছৰীয়া লম্পট তান্ত্ৰিক।
এই জঘন্য ঘটনা টীয়কৰ। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ দুলীয়া গাঁৱত ভয়ংকৰ ঘটনা। ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীক শাৰিৰীক অত্যাচাৰ চলালে দীনেশ বৰা নামৰ এটা বৃদ্ধ লম্পটে।
ককাক আইতাকৰ লগত থকা সময়তে কণমানি কিশোৰী গৰাকীৰ পেটৰ অসুখ ভাল কৰিবলৈ তেল জাৰি দিয়াৰ চলেৰে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ লম্পট দীনেশ বৰাৰ বিৰুদ্ধে। ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত টীয়ক আৰক্ষীয়ে ভণ্ড তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰিছে। আচলতে কি হৈছিল ঘটনাটো,কেমেৰাৰ সন্মুখত বিবৰি ক’লে কণমানিৰ মাতৃয়ে।
