আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিলে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই, এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত ‘জানমণি’

আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিলে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই, এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত ‘জানমণি’ Shyamontika Sharma

Shyamontika Sharma আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিলে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই, এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত ‘জানমণি’

প্ৰতিগৰাকী অসমবাসীৰ অতি চিনাকি মুখ আৰু ‘জানমণি’ নামেৰে ঘৰে-ঘৰে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই আকৌ এবাৰ আৰম্ভ কৰিলে নতুন নাট্যযাত্ৰা। এটা বছৰৰ বিৰতিৰ অন্তত পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ ঘূৰি আহি ২০২৬–২৭ নাট্যবৰ্ষৰ বাবে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী।

এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত শ্যামন্তিকা শৰ্মাৰ সৈতে অভিনয় কৰিব মোহময়ী অভিনেত্ৰী মুনমী ফুকন, জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মা, জেফি বক্সিকে ধৰি বহু নবীন-প্ৰবীণ শিল্পীয়ে। এই খবৰে ইতিমধ্যে নাট্যপ্ৰেমী দৰ্শকৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

ইফালে, বুধবাৰে বজালী জিলাৰ বনগাঁওস্থিত ৰাজমুকুট থিয়েটাৰৰ আখৰা গৃহ মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰি ২০২৬–২৭ নাট্যবৰ্ষৰ শুভাৰম্ভ কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী আৰু মানসম্পন্ন নাট দৰ্শকৰ ওচৰলৈ আগবঢ়োৱাৰ লক্ষ্যৰে সাজু হৈছে থিয়েটাৰখন।

ৰাজমুকুট থিয়েটাৰ কৰ্তৃপক্ষই জনোৱা মতে, এই নাট্যবৰ্ষত সামাজিক, পাৰিবাৰিক আৰু সমসাময়িক বিষয়বস্তুৰ ওপৰত আধাৰিত তিনিখন ভিন্নধৰ্মী নাট মঞ্চস্থ কৰা হ’ব। অভিজিৎ ভট্টাচাৰ্যৰ ‘মনালিছাৰ চিৎকাৰ’, ‘মহাযুদ্ধৰ খলনায়িকা’ আৰু পল্লৱ পৱনৰ ‘মালিক’ নাটক দৰ্শকৰ বাবে মঞ্চস্থ কৰিব ৰাজমুকুট থিয়েটাৰে।

কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে যে, নাট্যপ্ৰেমী দৰ্শকৰ ৰুচি আৰু চাহিদাক সৰ্বাধিক গুৰুত্ব দি অভিনয়, মঞ্চসজ্জা, সংগীত, আলোকসজ্জা আৰু অন্যান্য কাৰিকৰী দিশত বিশেষ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। নতুন নাট্যবৰ্ষত এক সুন্দৰ আৰু মানসম্পন্ন নাট্য উপহাৰ আগবঢ়োৱাৰ লক্ষ্যৰে ইতিমধ্যে পূৰ্ণোদ্যমে আৰম্ভ হৈছে ৰাজমুকুট থিয়েটাৰৰ আখৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top