ৰঙিয়াৰ স্বস্তি হাস্পতালত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । Swasti Hospital

ৰঙিয়াৰ স্বস্তি হাস্পতালত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । Swasti Hospital

Swasti Hospital ৰঙিয়াৰ স্বস্তি হাস্পতালত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Swasti Hospital ৰঙিয়াৰ স্বস্তি হাস্পতালত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মৃতা মহিলাগৰাকী ২নং নকুল অঞ্চলৰ বাসিন্দা ভবানী কলিতা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ সদস্য আৰু স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰে যে, হাস্পতালখনত অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা অৱনতি ঘটে আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। তেওঁলোকে চিকিৎসাত গাফিলতি থকাৰ অভিযোগ উত্থাপন কৰি হাস্পতাল চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনাৰ পিছতে ক্ষুব্ধ একাংশ লোকে হাস্পতালৰ মূল প্ৰৱেশদ্বাৰত তলা লগোৱাৰো চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত দণ্ডাধীশ আৰু আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আনি অধিক অবনতি ৰোধ কৰে।

ইফালে, চিকিৎসালয় কৰ্তৃপক্ষই ভূল চিকিৎসাৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। কৰ্তৃপক্ষৰ দাবী অনুসৰি, মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈছিল আৰু শাৰীৰিক অৱস্থা স্থিতিশীল হোৱাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। পিছত তেওঁ আন এটা স্বাস্থ্যজনিত জটিলতাত আক্ৰান্ত হয় আৰু সেই কাৰণেই মৃত্যু হোৱা বুলি চিকিৎসালয়খনৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় আৰু উত্থাপিত অভিযোগসমূহৰ সত্যতা উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্ততহে ঘটনাটোৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top