Swasti Hospital ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি, অস্ত্ৰোপচাৰৰ পাছতে ৰোগীৰ মৃ*ত্যু*ৰ অভিযোগ

Swasti Hospital ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি, অস্ত্ৰোপচাৰৰ পাছতে ৰোগীৰ মৃ*ত্যু*ৰ অভিযোগ

Swasti Hospital ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি, অস্ত্ৰোপচাৰৰ পাছতে ৰোগীৰ মৃ*ত্যুৰ অভিযোগ

ৰঙিয়াৰ স্বস্তি হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ। অস্ত্ৰোপচাৰৰ পাছতে ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোক আৰু একাংশ উত্তেজিত লোকে চিকিৎসালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে, ৰঙিয়াৰ ২ নং নকুলৰ ভবানী কলিতা নামৰ এগৰাকী মহিলাৰ চিকিৎসালয়খনত অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পাছতে তেওঁৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।

ৰোগীগৰাকীৰ মৃত্যুৰ পিছতে ক্ষুব্ধ পৰিয়ালৰ লোক আৰু স্থানীয় একাংশ লোকে মৃতদেহ লৈ চিকিৎসালয়খনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে চিকিৎসালয়খনৰ মূল প্ৰৱেশ দুৱাৰত তলা লগাই দিয়াৰো চেষ্টা কৰে।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইফালে, ৰোগীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু চিকিৎসাত কোনো গাফিলতি হৈছিল নেকি, সেই বিষয়ে তদন্তৰ পাছতহে স্পষ্ট হ’ব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top