বেৰৰ ফুটা কাটি পৰস্ত্ৰীৰ গাত হাত দিবলৈ গৈ বিপদত অজিত পেগু, কাঁচিৰ আঘাতত ।Jhorhat

Jhorhat বেৰৰ ফুটা কাটি পৰস্ত্ৰীৰ গাত হাত দিবলৈ গৈ বিপদত অজিত পেগু, কাঁচিৰ আঘাতত

যোৰহাট জিলাৰ উপকণ্ঠৰ বৰমুকলি মিচিং গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, অজিত পেগু নামৰ এজন ব্যক্তিয়ে নিশা ওচৰৰ এখন ঘৰৰ বেৰৰ ফুটা কাটি ভিতৰত শুই থকা এগৰাকী বিবাহিত মহিলাক গোপনে স্পৰ্শ কৰাৰ চেষ্টা কৰে। সেই সময়তে আত্মৰক্ষাৰ উদ্দেশ্যে মহিলাগৰাকীয়ে কাষতে থকা কাঁচিৰে আঘাত কৰে।

ঘটনাৰ সময়ত মহিলাগৰাকী স্বামী আৰু পুত্ৰৰ সৈতে ঘৰৰ ভিতৰত শুই আছিল। অভিযোগ অনুসৰি, অজিত পেগুৱে এখন জখলা লৈ আহি ঘৰৰ বেৰৰ ওচৰলৈ উঠি বেৰত ফুটা কৰি ভিতৰত হাত সুমুৱাই মহিলাগৰাকীৰ শৰীৰ স্পৰ্শ কৰাৰ চেষ্টা কৰে। সেই সময়তে সজাগ হৈ উঠা মহিলাগৰাকীয়ে কাষতে থকা কাঁচিৰে তেওঁৰ হাতত আঘাত কৰে।

আঘাতত অজিত পেগুৰ হাত গভীৰভাৱে কাটি যায় আৰু অতিমাত্ৰা ৰক্তক্ষৰণ হয়। স্থানীয় লোকে তেওঁক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলেও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাটো প্ৰায় তিনি দিন পূৰ্বে সংঘটিত হৈছিল যদিও এতিয়াও অঞ্চলটোত ইয়াক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে।

ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি অধিক তদন্ত আৰম্ভ কৰিছে। ঘটনাটো আত্মৰক্ষাৰ উদ্দেশ্যে সংঘটিত হৈছিল নে আন কোনো দিশ জড়িত আছে, সেয়া আৰক্ষীয়ে তদন্তৰ জৰিয়তে স্পষ্ট কৰাৰ চেষ্টা চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top