বৰপেটাৰ ধৰ্মপুৰত ৰাইজৰ জালত ৪ গৰু চোৰ, উদ্ধাৰ ১১টা গোধনক লৈ সৃষ্টি হৈছে ৰহস্য । Barpeta

বৰপেটাৰ ধৰ্মপুৰত ৰাইজৰ জালত ৪ গৰু চোৰ, উদ্ধাৰ ১১টা গোধনক লৈ সৃষ্টি হৈছে ৰহস্য । Barpeta

Barpeta । বৰপেটাৰ ধৰ্মপুৰত ৰাইজৰ জালত ৪ গৰু চোৰ, উদ্ধাৰ ১১টা গোধনক লৈ সৃষ্টি হৈছে ৰহস্য

বৰপেটা জিলাৰ ধৰ্মপুৰত গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। স্থানীয় ৰাইজে কৰায়ত্ত কৰে চাৰিটাকৈ গৰু চোৰক। ধৃত চোৰ কেইজনৰ পৰা ১১টা গোধন উদ্ধাৰ কৰাৰ দাবী কৰিছে স্থানীয় লোকে।

ধৃত চোৰ কেইজন ক্ৰমে কুকাৰপাৰাৰ জয়নুদ্দিন, মহিৰুদ্দিন, আমিৰ হামজা আৰু আব্দুৰ ৰৌফ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, হাতীমূৰা পাহাৰৰ পৰা গৰু চুৰি কৰি ভূটভূটি নাৱেৰে আহি থকা অৱস্থাত নিশা চান মিঞাৰ তৎপৰতাত স্থানীয় লোকে চোৰ কেইজনক কৰায়ত্ত কৰে। অভিযোগ অনুসৰি, চুৰি কৰা গৰুসমূহ ধৰ্মপুৰ গাঁৱৰ বাচ্চু বেপাৰীৰ পুত্ৰ আজিজুল হকৰ ওচৰত সমজাই দিয়া অৱস্থাত খেদি খেদি ৰাইজে চোৰ কেইজনক আটক কৰে।

ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে বহু লোক ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি, চোৰ কেইজনৰ পৰা উদ্ধাৰ কৰা ১১টা গোধনৰ ভিতৰত মাত্ৰ ৪টা গৰুহে বৰ্তমান দেখা গৈছে। বাকী ৭টা গৰু উদ্ধাৰকাৰী লোকৰ মাজৰে একাংশই ভাগ-বতৰা কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে, এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হৈও সমাজৰ একাংশ লোকে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে। চোৰৰ লগতে উদ্ধাৰৰ পাছত গৰু ভাগ-বতৰা কৰি লোৱা লোকসকলকো তদন্তৰ আওতালৈ আনি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাক অৱগত কৰিছে ৰাইজে। আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top