নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিত আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনা। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও কিছু সময় বাকী যদিও তাৰ আগতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ সম্ভাব্য প্ৰাৰ্থিত্বক লৈ সমষ্টিটোৰ বিভিন্ন অঞ্চলত বিৰোধিতা।

স্থানীয় ৰাইজৰ একাংশই স্পষ্টভাৱে হুংকাৰ দি কৈছে— “আমাৰ সমষ্টিত ৰাজেন গোহাঁই নালাগে।” চাৰিটা পঞ্চায়তৰ শতাধিক ৰাইজ একত্ৰিত হৈ প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁক প্ৰাৰ্থী নিদিবলৈ দাবী তোলে।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসাৰে, কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সময়ত ৰাজেন গোহাঁইয়ে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ নল’লে। তেওঁলোকে দাবী কৰে যে গাঁওসমূহৰ সমস্যাৰ খবৰ লোৱা বা দুখীয়া ৰোগীসকলৰ কাষত থিয় হোৱা ক্ষেত্ৰতো তেওঁৰ পৰা সহায় নোপোৱা গ’ল।
ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলৰ একাংশই অভিযোগ তোলে যে সমষ্টিটোত হিন্দু–মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰাৰ চেষ্টা কৰা হৈছিল। তেওঁলোকৰ মতে, সমষ্টিটোৰ উন্নয়নৰ বাবে যদি আন কোনো শিক্ষিত ব্যক্তিক দলীয় টিকট দিয়া হয় তেন্তে তেওঁলোকে মানি ল’ব, কিন্তু ৰাজেন গোহাঁইক কোনো কাৰণতে গ্ৰহণ নকৰে।

ইফালে, পূৰ্বে বিভিন্ন বিতৰ্ক আৰু গোচৰৰ সৈতে তেওঁৰ নাম জড়িত আছিল বুলিও একাংশে উল্লেখ কৰে।
এই পৰিস্থিতিৰ মাজতে এতিয়া ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপিত হৈছে— ৰাইজৰ এই তীব্ৰ বিৰোধিতাৰ পাছতো অসম জাতীয় পৰিষদে আগন্তুক নিৰ্বাচনত পুনৰ ৰাজেন গোহাঁইকেই প্ৰাৰ্থী হিচাপে আগবঢ়াব নে আন কোনো নতুন মুখত ভৰসা কৰিব। আগন্তুক সময়ত বৰহমপুৰ সমষ্টিৰ ৰাজনৈতিক সমীকৰণ কোন দিশলৈ গতি কৰে, সেয়া হ’ব লক্ষ্যণীয়।
