যোৰহাট বিমান দুৰ্ঘটনাত ছহিদ ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰক কেন্দ্ৰ কৰি বিতৰ্ক । Jhorhat News

যোৰহাট বিমান দুৰ্ঘটনাত ছহিদ ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰক কেন্দ্ৰ কৰি বিতৰ্ক । Jhorhat News

Jhorhat News: অসমৰ যোৰহাটত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত ছহিদ হোৱা বিহাৰৰ ফ্লাইট লেফটেনেণ্ট Shubham Kumarক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, শুভম কুমাৰ আৰু Shreya Rai নামৰ এগৰাকী যুৱতীয়ে গোপনে আইনী বিবাহ সম্পন্ন কৰিছিল যদিও সামাজিকভাৱে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হোৱা নাছিল।

জোৱানগৰাকীৰ মৃত্যুৰ পিছত চৰকাৰৰ পক্ষৰ পৰা প্ৰদান কৰা ২১ লাখ টকাৰ সাহায্যৰ চেক পত্নী শ্ৰেয়া ৰায়ে গ্ৰহণ কৰে। কিন্তু চেক গ্ৰহণ কৰাৰ পিছতেই তেওঁ স্বামীৰ শ্ৰাদ্ধানুষ্ঠান সম্পন্ন হোৱাৰ আগতেই নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ উভতি যোৱাত ঘটনাটোক লৈ ব্যাপক আলোচনা-সমালোচনাৰ সূচনা হয়।

এই ঘটনাক লৈ ছহিদ জোৱানগৰাকীৰ পৰিয়ালৰ মাজতো অসন্তোষ দেখা গৈছে। শুভম কুমাৰৰ পিতৃ Amrendra Sharmaই গভীৰ শোক প্ৰকাশ কৰি কয় যে, “বোৱাৰী হিচাপে তেওঁ এই ধনৰ আইনগত অধিকাৰী হ’ব পাৰে, কিন্তু পত্নী আৰু পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ কিছু নৈতিক দায়িত্বও আছিল। এনে দুখৰ সময়ত পৰিয়ালৰ কাষত থকাটো প্ৰয়োজন আছিল।”

ইফালে, ঘটনাটোক লৈ সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশ লোকে শ্ৰেয়া ৰায়ৰ সিদ্ধান্তক সমালোচনা কৰিছে যদিও আন একাংশই কয় যে, তেওঁ আইনগতভাৱে স্বীকৃত পত্নী হোৱাৰ বাবে নিজৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ অধিকাৰ আছে। ফলত বিষয়টো এতিয়া দেশজুৰি চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে।

উল্লেখযোগ্য যে, বিষয়টো সন্দৰ্ভত বিভিন্ন পক্ষৰ দাবী-প্ৰতিদাবী চলি আছে। সেয়ে অভিযোগসমূহৰ সত্যতা সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষ বা পৰিয়ালৰ আনুষ্ঠানিক বক্তব্যৰ ওপৰত ভিত্তি কৰি চূড়ান্ত সিদ্ধান্ত লোৱা উচিত বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top