এয়াৰটেলে মুকলি কৰিলে ‘অ’ টি পি লিকেজ’ৰ জৰিয়তে সংঘটিত প্ৰবঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ নতুন কৃত্ৰিম বুদ্ধিমত্তাচালিত ব্যৱস্থা

এয়াৰটেলে মুকলি কৰিলে ‘অ’ টি পি লিকেজ’ৰ জৰিয়তে সংঘটিত প্ৰবঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ নতুন কৃত্ৰিম বুদ্ধিমত্তাচালিত ব্যৱস্থা

স্পাম আৰু ডিজিটেল প্ৰবঞ্চনাৰ বিৰুদ্ধে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে এয়াৰটেলে আজি ফ্ৰ’ড এলাৰ্ট শীৰ্ষক এটি নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাই অ’ টি পি সংক্রান্তীয় বেংক প্ৰবঞ্চনাৰ পৰা পোৱা বিপদৰ পৰা গ্ৰাহকসকলক সুৰক্ষা প্ৰদান কৰিব।

প্ৰবঞ্চকসকলে সাধাৰণতে ডেলিভাৰী বা দৈনন্দিন সেৱাৰ সৈতে জড়িত জৰুৰী পৰিস্থিতিৰ সুযোগ লৈ গ্ৰাহকক ভুল পথেৰে বেংক লেনদেনৰ অ’ টি পি শ্বেয়াৰ কৰিবলৈ প্ৰলোভিত কৰে, যাৰ ফলত তেওঁলোকৰ বেংক একাউণ্টৰ ধন বিপদত পৰে। এয়াৰটেলৰ নতুন এ আইভিত্তিক ব্যৱস্থাই এনে সন্দেহজনক পৰিস্থিতি চিনাক্ত কৰি সংশ্লিষ্ট গ্ৰাহকসকলক আগতীয়াকৈ সতৰ্ক কৰি দিব।

যেতিয়া কোনো সম্ভাব্য বিপদজনক ইনকামিং কলৰ সময়ত বেংকৰ অ’ টি পি ধৰা পৰে, তেতিয়া এয়াৰটেল ব্যৱস্থাই গ্ৰাহকক সম্ভাব্য প্ৰবঞ্চনাৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিব আৰু কল চলি থকা অৱস্থাত অ’ টি পি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ দিব। এ আইচালিত বুদ্ধিমত্তা আৰু মানুহৰ বিচাৰ কৰাৰ ভাবধাৰাৰ এই সংমিশ্ৰণে গ্ৰাহকসকলক তথ্য পৰীক্ষা কৰিবলৈ আৰু নিজৰ সুৰক্ষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ প্ৰয়োজনীয় সময় দিব, যাৰ ফলত প্ৰবঞ্চকসকলে ব্যৱহাৰ কৰা প্ৰবঞ্চনাৰ দুৱাৰসমূহ বন্ধ হ’ব।

এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি ভাৰতী এয়াৰটেলৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শশৱত শৰ্মাই কয়, “আমাৰ লক্ষ্য হৈছে এয়াৰটেলক সুৰক্ষিত নেটৱৰ্ক হিচাপে প্ৰতিষ্ঠা কৰা। আমি ইয়াৰ দিশত কাম কৰি থাকোঁতে আমি উপলব্ধি কৰিছো যে, ডিজিটেল লেনদেন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৱান-টাইম পাছৱৰ্ডৰ (অ’টিপি) মূল ভূমিকা সত্ত্বেও অপৰাধমূলক কৌশলৰ দ্বাৰা ইয়াৰ কাৰ্যকাৰিতা সঘনাই ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে আমি এয়াৰটেলৰ নেটৱৰ্ক স্তৰত এক উল্লেখযোগ্য অগ্ৰগতি ঘোষণা কৰি আনন্দিত হৈছো যিয়ে বেংকিং জালিয়াতিৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ উন্নতি সাধন কৰিব।আমাৰ নতুনকৈ বিকশিত, এআই-চালিত, স্বায়ত্তশাসিত সমাধানে নেটৱৰ্ক পৰ্যায়ত সক্ৰিয়ভাৱে কাম কৰে আৰু বাস্তৱ সময়ত প্ৰৱঞ্চনামূলক কাৰ্যকলাপ ধৰা পেলাবলৈ আৰু হস্তক্ষেপ কৰিবলৈ ডিজাইন কৰা হৈছে।বিস্তৃত পৰীক্ষাই এনে কেলেংকাৰীৰ ভাবুকি ৰোধ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাত্ৰাৰ সঠিকতা আৰু প্ৰভাৱ প্ৰদৰ্শন কৰিছে।”

বিগত দুটা বছৰত এয়াৰটেলে স্পাম কল সতৰ্কবাণী আৰু ক্ষতিকাৰক লিংক ব্লকিঙৰ দৰে এ আইচালিত বিভিন্ন সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। যদিও এই পদক্ষেপসমূহে সহায় কৰিছে, তথাপি প্ৰবঞ্চকসকলে বিভিন্ন জালিয়াতিৰে মানুহৰ দুর্বলতাক ব্যৱহাৰ কৰি আহিছে। এই নতুন ব্যৱস্থাটোৱে মোবাইল ব্যৱহাৰকাৰীসকলক ডিজিটেল প্ৰবঞ্চনাৰ পৰা অধিক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।

এই সমাধান ইতিমধ্যে হাৰিয়ানাত আৰম্ভ কৰা হৈছে আৰু আগন্তুক দুসপ্তাহৰ ভিতৰত এয়াৰটেলৰ সকলো গ্ৰাহকৰ বাবে পৰ্যায়ক্রমে উপলব্ধ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top