১৪ ফেব্ৰুৱাৰীত অসমবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুপৰীয়া ১ বজাত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী বহুল প্ৰতীক্ষিত কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিব। সেতুখন মুকলি কৰাৰ পিছতে কিছুসময় দলংখন পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মিত এই সেতুখন মুকলি হোৱাৰ লগে-লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু দ্ৰুত হ’ব বুলি আশা কৰা হৈছে। দীৰ্ঘদিনীয়া যানজঁট সমস্যাৰো যথেষ্ট উপশম হ’ব বুলি ধৰা হৈছে।

সেতুখন মুকলি কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ জনায় যে মুকলিৰ পিছৰ প্ৰথম ১৫ দিন কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে কেৱল খোজ কাঢ়ি যাব পৰা হ’ব। ১ মাৰ্চৰ পৰা সেতুখনেৰে গাড়ী চলাচল আৰম্ভ হ’ব। ট্ৰাক আৰু বাছৰ ক্ষেত্ৰত টোল প্ৰযোজ্য হ’ব যদিও আন বাহনৰ ক্ষেত্ৰত কোনো টোল কৰ নাথাকিব। সদ্যহতে গৌৰীপুৰৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা বাহনসমূহে এই সেতুৰে উঠিব লাগিব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীত আন কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অন্তৰ্ভুক্ত আছে। লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে আইআইএমৰ অস্থায়ী চৌহদ মুকলি কৰিব। লগতে গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন আৰু ১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণিও কৰিব।
দিনটোৰ শেষত খানাপাৰাত আয়োজিত বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে।
এইদৰে ১৪ ফেব্ৰুৱাৰী দিনটো অসমবাসীৰ বাবে একাধিক উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণিৰে স্মৰণীয় হৈ ৰ’ব।
