মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সোণাপুৰৰ জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা হ’ল। বহুদিন ধৰি জুবিন ক্ষেত্ৰৰ চাৰিওকাষে একাংশই অবৈধভাৱে দোকান-পোহাৰ স্থাপন কৰি আছিল। চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰক্ষীৰ উপস্থিতিত সেই দোকান-পোহাৰসমূহ আঁতৰোৱা হয়।
এই অভিযানকালত জুবিন ক্ষেত্ৰত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ। তেওঁ চৰকাৰক বাৰিষা আৰম্ভ হোৱাৰ আগতেই জুবিন ক্ষেত্ৰৰ সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। গৰিমা শইকীয়া গাৰ্গে কয় যে, জুবিন ক্ষেত্ৰ অসমৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক স্থল, সেয়েহে ইয়াৰ সৌন্দৰ্য্য আৰু পৰিচ্ছন্নতা ৰক্ষা কৰাটো অত্যন্ত জৰুৰি।
আৰক্ষীৰ সহায়ত চলোৱা এই অভিযানত একাংশ দোকানদাৰে নিজেই নিজৰ দোকান-পোহাৰ আঁতৰাই সেই স্থান খালী কৰি দিয়ে। ফলত জুবিন ক্ষেত্ৰ অঞ্চলটো পুনৰ পৰিষ্কাৰ আৰু সুসংগঠিত ৰূপ লাভ কৰে।
প্ৰশাসনে জানিবলৈ দিয়া মতে, আগন্তুক দিনত জুবিন ক্ষেত্ৰৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে আৰু কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব
