Govinda । গোবিন্দাৰ স্বাস্থ্যৰ অৱনতি, ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত !৬১ বছৰীয়া অভিনেতাজন নিজৰ বাসগৃহত হঠাতে অচেতন হৈ পৰে

বলিউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ অনুৰাগীৰ বাবে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত মঙলবাৰে নিশা অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
সূত্র অনুসৰি, নিশা প্ৰায় ৮ বজাত ৬১ বছৰীয়া অভিনেতাজন নিজৰ বাসগৃহত হঠাতে অচেতন হৈ পৰে। তাৰ পিছতেই তেওঁক উপনগৰ জুহুৰ ক্ৰিটিকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয়। জানিব পৰা মতে, গোবিন্দাৰ ভ্ৰমৰ সমস্যা দেখা দিছিল, যাৰ ফলত তেওঁৰ অৱস্থা কিছুক্ষণৰ বাবে গম্ভীৰ হৈ পৰে।
তেওঁৰ বন্ধু তথা আইনী উপদেষ্টা ললিত বিন্দালে জানিবলৈ দিয়ে যে, বৰ্তমান গোবিন্দ স্থিৰ অৱস্থাত আছে আৰু চিকিৎসকসকলে তেওঁক পৰ্যবেক্ষণত ৰাখিছে। ইতিমধ্যে কেইবাটাও চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ফলাফলৰ অপেক্ষা কৰা হৈছে। চিকিৎসকসকলে তেওঁৰ গুৰুত্বপূৰ্ণ পৰিমাপসমূহ (vital parameters) নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও গোবিন্দে এটা দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। প্ৰায় এবছৰ পূৰ্বে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টল চাফা কৰিবলৈ গৈ ভুলবশতঃ গুলীচালনা হৈছিল আৰু সেই গুলীয়ে তেওঁৰ বাওঁ আঁঠুত আঘাত কৰিছিল। সেই সময়তো তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু কন্যা টিনাই তেওঁক অস্ত্ৰোপচাৰৰ বাবে লৈ গৈছিল।
শেহতীয়াকৈ গোবিন্দৰ কন্যা টিনাই জনাইছে যে, বৰ্তমান তেওঁ সুস্থ হৈ জিৰণি লৈ আছে। অভিনেতাজন ডিচচাৰ্জৰ পাছত অনুৰাগীসকলৰ প্ৰাৰ্থনা আৰু শুভকামনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
মন কৰিবলগীয়া যে, গোবিন্দৰ ব্যক্তিগত জীৱন আৰু পত্নী সুনীতাৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰায়ে বলীউডৰ শিৰোনাম দখল কৰে। তথাপি অনুৰাগীসকলে এতিয়াও তেওঁক ভালবাসে আৰু তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।
