নন্দিনী কাশ্যপৰ গাড়ী চালকৰ বিস্ফোৰক মন্তব্য: “দুৰ্ঘটনাৰ সময়ত গাড়ী নিজেই চলাইছিল নন্দিনীয়ে” । nandini kashyap

নন্দিনী কাশ্যপৰ গাড়ী চালকৰ বিস্ফোৰক মন্তব্য: “দুৰ্ঘটনাৰ সময়ত গাড়ী নিজেই চলাইছিল নন্দিনীয়ে” । nandini kashyap

nandini kashyap । জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ নামত এতিয়া বিতৰ্কৰ ধুমুহা। নাট্যমঞ্চত ন্যায়ৰ সংলাপ মতা নন্দিনী বাস্তৱ জীৱনত এতিয়া নিজেই আইন-ন্যায়ৰ সন্মুখীন। ২৫ জুলাই নিশা দক্ষিণগাঁৱৰ ৰাজপথত সংঘটিত পথ দুৰ্ঘটনাত পথচাৰী ছামিউল হকৰ মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নন্দিনী কাশ্যপ।

দুৰ্ঘটনাৰ পিছত নন্দিনীক গুৱাহাটীৰ শৰাইঘাট দলঙৰ সমীপৰ পৰা আটক কৰি পাণবজাৰ মহিলা থানালৈ অনা হয়। বৃহস্পতিবাৰে কামরূপ CJM আদালতে দুদিনৰ বাবে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। নন্দিনী কাশ্যপে জামিনৰ বাবে আবেদন জনালেও আদালতে সেই আবেদন খাৰিজ কৰি দিয়ে। ফলস্বৰূপ, শুকুৰবাৰলৈকে তেওঁক পাণবজাৰ মহিলা থানাতে থকাটো নিশ্চিত হয়।

এই ঘটনাৰ মাজতে নন্দিনীৰ ব্যক্তিগত গাড়ী চালকৰ এক গুৰুত্বপূৰ্ণ মন্তব্যই এনে বিতৰ্কৰ মাজতে নতুন মোড় আনিছে। চালকজনে গণমাধ্যমৰ আগত কয়:

“বিগত প্ৰায় এবছৰ ধৰি মই নন্দিনী কাশ্যপৰ গাড়ী চলাই আছোঁ। মই থকা অৱস্থাত তেওঁ কেতিয়াও গাড়ী চলোৱা দেখা নাই। মই চলাওতে নলবাৰীত এটা ফাইন পৰিছিল, কাজিৰঙাতো লাগিব পাৰে। কিন্তু যি গাড়ীখনে এই দুৰ্ঘটনা ঘটাইছে, সেইখন নন্দিনী কাশ্যপৰ ব্যক্তিগত বাহন, আৰু সেইদিনা গাড়ীখন তেওঁ নিজে চালাইছিল।”

চালকৰ এই মন্তব্যৰ পাছত নন্দিনীৰ ভূমিকা সন্দৰ্ভত নতুনকৈ প্ৰশ্ন উত্থাপিত হৈছে। এতিয়া ৰাইজৰ মনত এই সন্দেহ দানা বাঁধিছে যে দুৰ্ঘটনাৰ পাছত নন্দিনী কাশ্যপে হয়তো ঘটনাৰ পৰা পলাবলৈ বিভিন্ন প্ৰচেষ্টা চলাইছে।

ইতিমধ্যে ‘ৰাজধানী থিয়েটাৰ’ দলে তেওঁৰ সৈতে থকা সকলো নাট্যচুক্তি বাতিল কৰাৰো ঘোষণা কৰিছে। সময় যি নন্দিনীৰ বাবে কেতিয়াবা সফলতাৰ সোপান আছিল, সেই সময়েই এতিয়া তেওঁৰ জীৱনত ঘূৰ্ণিবত অৱস্থা লৈ আহিছে।

নাটকৰ নায়িকা নন্দিনী কাশ্যপৰ বাবে বাস্তৱ জীৱন এতিয়া আইনী যুদ্ধৰ মঞ্চ। ছামিউল হকৰ পৰিয়াল আৰু সাধাৰণ ৰাইজ ন্যায় বিচাৰৰ অপেক্ষাত, গুৱাহাটী আৰক্ষীৰ তদন্ত অব্যাহত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top