
🟪” তুমি সৰ্বেশ্বৰ , প্ৰাণ শ্ৰমিকৰ ” শীৰ্ষক ৰূপকধৰ্মী সংগীতালেখ্যই মুগ্ধ কৰিলে সহস্ৰাধিক দৰ্শকক
বিশিষ্ট মুক্তিযোদ্ধা , অসমৰ এগৰাকী শ্ৰমিক নেতা শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ ৩৪ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে দেওবাৰে এক গাম্ভীয্যপৃৰ্ণ পৰিৱেশত যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হৈ যায় স্মৃতিচাৰণ অনুষ্ঠানটিৰ । শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত , যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলন আৰু পৰিয়ালবৰ্গৰ সহযোগত আয়োজিত অনুষ্ঠানটো পুৱা পতাকা
উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱাৰ পিছতে যোৰহাট জিলা ভিত্তিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এলানি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ পিছতে স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে সভাৰ আসন অলংকৃত কৰা মুকলি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ শতবৰ্ষীয় সভাৰ সভাপতি প্ৰহ্লাদ তাছাই । সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে অংশগ্ৰহণ কৰি শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ জীৱনৰ বিভিন্ন দিশৰ আলোকপাত কৰে । বিশিষ্ট লেখক , গোলাঘাট জিলাৰ প্ৰাক্তন পৌৰপতি ডা: অজিত বৰুৱাই শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ কৰ্ম জীৱনৰ কিছু তাৎপৰ্যমূলক বক্তব্য আগবঢ়োৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে মুক্তিযোদ্ধা সকলৰ জীৱন বৃত্তান্তৰ সন্দৰ্ভত অধ্যয়ন নকৰা বিষয়টোত ক্ষোভ প্ৰকাশ কৰে । তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী সকলকো বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে , অনুষ্ঠানত ” তুমি সৰ্বেশ্বৰ , প্ৰাণ শ্ৰমিকৰ ” শীৰ্ষক ৰূপকধৰ্মী সংগীতালেখ্য খনিয়ে উপস্থিত সহস্ৰাধিক দৰ্শকক বাৰুকৈয়ে মুগ্ধ কৰিবলৈ সক্ষম হয় । শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ স্মৃতিৰক্ষা সমিতিৰ হৈ সভাপতি ভৱ গোস্বামী , সম্পাদক মুনীন্দ্ৰ নাথ দত্ত , যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ হৈ কাৰ্যকৰী সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈ , সম্পাদক ধীৰেন্দ্ৰ কুমাৰ গগৈ আৰু পৰিয়ালৰ হৈ ৰেণুকা শৰ্মা , অৰুণা বৰুৱাৰ লগতে ৰোমান বৰদলৈয়ে অনুষ্ঠানটোৰ সুন্দৰ সমাপ্তিত সকলোৰে পৰা পোৱা সহযোগিতাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
