Nandini Kashyap । অভিনেত্ৰী নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰৰ পাছত সৃষ্টি হৈছে চাঞ্চল্য। দিছপুৰ আৰক্ষীৰ জালত পৰাৰ পাছত নন্দিনীক নিশা পাণবজাৰ মহিলা থানাত ৰখা হয়। তাৰ পিছতে নন্দিনী কাশ্যপক হাজিৰ কৰোৱা হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত, যি আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে অভিনেত্ৰীগৰাকীক।

আৰক্ষীয়ে যদিও ৫ দিনৰ জিম্মা বিচাৰিছিল, আদালতে কেৱল দুদিনৰ অনুমতি দিয়ে। উল্লেখযোগ্য যে, আদালতে নন্দিনীৰ জামিন আবেদন নাকচ কৰিছে। এতিয়া দুদিনৰ জিম্মা কালছোৱাৰ পিছত পুনৰ নন্দিনীক হাজিৰ কৰাব লাগিব আদালতত।

থানালৈ অহাৰ পৰাই অভিনেত্ৰীগৰাকীয়ে মুখ খুলি একোৱে নকয়। চাপ-পানী মুখত দিবলৈও অমান্তি হয় নন্দিনী। আনকি পানী খাবলৈও অনুৰোধ বর্জন কৰে তেওঁ। অৱশেষত হয়তো নিশাটো লক-আপত ভাত খাই পাৰ কৰিব লগা হ’ব অভিনেত্ৰীজনীয়ে।

সুত্ৰ অনুসৰি, নন্দিনী কাশ্যপে খাই ভাল পায় মলাই পনীৰ। যদিও লক-আপত তেওঁৰ পছন্দৰ খাদ্য যোগান ধৰা সম্ভৱ নহ’ব, তথাপিও এই বিশেষ খাদ্যটো লৈয়ে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে নন্দিনীক।

থানালৈ আহি চাপ-পানী একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈও অমান্তি হৈছে নন্দিনী কাশ্যপ।

ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

