ৰাজ্যজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু: অভিনেত্ৰী নন্দিনী কাশ্যপৰ পথ দুৰ্ঘটনা কাণ্ড ।Nandinee Kashyap: 

ৰাজ্যজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু: অভিনেত্ৰী নন্দিনী কাশ্যপৰ পথ দুৰ্ঘটনা কাণ্ড ।Nandinee Kashyap: 

Nandinee Kashyap: অসমজুৰি ৰাইজৰ হৃদয় জয় কৰা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে এইবাৰ উঠিছে তীব্ৰ সমালোচনাৰ ঢৌ। মঞ্চত ন্যায় সংলাপ মতা, জনপ্ৰিয়তাৰ শৃঙ্গত উঠা নন্দিনী কাশ্যপ এতিয়া আৰক্ষীৰ জেৰাত। অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগই সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

২৫ জুলাই নিশা ৩ বাজি ২ মিনিটত, ৰাজধানী গুৱাহাটী মহানগৰীৰ দক্ষিণগাঁৱৰ ৰাজপথত সংঘটিত হয় এক শিহৰণকাৰী পথ দুৰ্ঘটনা। CCTV দৃশ্য অনুসৰি, নন্দিনী কাশ্যপৰ দ্ৰুতবেগী বাহনে মহটিয়াই নিয়িছিল পথচাৰী ছামিউলক। গুৰুতৰভাৱে আহত ছামিউল মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়।

ঘটনাৰ পিছতেই শৰাইঘাট দলঙৰ সমীপৰ পৰা নন্দিনী কাশ্যপক আটক কৰে আৰক্ষীয়ে। তাৰ পাছতে পাণবজাৰ মহিলা থানাত ৰখা হৈ তেওঁক আৰক্ষীয়ে জেৰা কৰে। বৃহস্পতিবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) আদালতে দুদিনৰ বাবে নন্দিনীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

নন্দিনী কাশ্যপে জামিনৰ বাবে আবেদন জনাইছিল, কিন্তু আদালতে সেই আবেদন নাকচ কৰি দিয়ে। শুকুৰবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিনেত্ৰী গৰাকীক।

এই ঘটনাৰ প্ৰভাৱত, নন্দিনী কাশ্যপৰ সৈতে থকা চুক্তি বাতিল কৰিছে ‘ৰাজধানী থিয়েটাৰ’ দলেও। মঞ্চৰ নন্দিনীৰ ৰূপত যি মৰম উজাৰি দিছিল ৰাইজে, এতিয়া সেই নন্দিনীৰ বাস্তৱ কাণ্ডই স্তম্ভিত কৰিছে সকলোকে।

অভিনেত্ৰীৰ বিৰুদ্ধে আইনগত প্ৰক্ৰিয়া আগবাঢ়ি আছে আৰু আৰক্ষীৰ তদন্ত অব্যাহত। ছামিউলৰ পৰিয়ালৰ ন্যায় বিচাৰৰ দাবীত জনমত আৰু দৃষ্টিপাত কেন্দ্ৰ কৰি আছে সমগ্ৰ ৰাজ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top