নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পাছত মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়া — ‘‘সহায়ৰ হাত আগবঢ়াইছিলোঁ, কিন্তু বাধা দিছিল কেইজনমান যুৱকে’’ । nandini kashyap

নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পাছত মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়া — ‘‘সহায়ৰ হাত আগবঢ়াইছিলোঁ, কিন্তু বাধা দিছিল কেইজনমান যুৱকে’’ । nandini kashyap

nandini kashyap । নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পাছত মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়া — ‘‘সহায়ৰ হাত আগবঢ়াইছিলোঁ, কিন্তু বাধা দিছিল কেইজনমান যুৱকে’’
ছামিউলৰ মৃত্যুৰ পিছত মন্তব্য দিলেহি অভিনেত্ৰী নন্দিনীৰ মাতৃয়ে

গুৱাহাটী, ৩০ জুলাইঃ
হিট এণ্ড ৰান কাণ্ডত অভিযুক্ত জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰৰ পাছত চাঞ্চল্যকৰ মন্তব্য কৰিছে তেওঁৰ মাতৃয়ে। বুধবাৰে নিশা শৰাইঘাট দলঙৰ সমীপৰ পৰা দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক আটক কৰি পাণবজাৰ মহিলা থানালৈ লৈ যায়। তাৰ পাছতেই আজি পুৱা মাতৃগৰাকীয়ে থানাত উপস্থিত হৈ সংবাদমাধ্যমানৰ আগত প্ৰথমবাৰলৈ মুখ খোলে।

নন্দিনীৰ মাতৃয়ে স্পষ্টকৈ কয় —
“এই ঘটনাৰ বাবে আমি যথেষ্ট দু:খিত। আমি পৰিয়ালৰ পৰা ছামিউলক সকলো ধৰণৰ সহায় দিয়াৰ চেষ্টা কৰিছিলোঁ। নন্দিনীৰ দেউতাই চিকিৎসাৰ ব্যয় বহন কৰিবলৈ আগবাঢ়িছিল, কিন্তু তাত থকা কেইজনমান যুৱকে ছামিউলৰ পৰিয়ালক ধন ল’বলৈ বাধা দিয়ে আৰু তেওঁলোকক ধমক দিয়ে।”

তেওঁয়ে লগতে উল্লেখ কৰে,
“পৰিৱেশ উত্তপ্ত হোৱাৰ বাবে আৰু সুৰক্ষাৰ কাৰণতে নন্দিনীক চিকিৎসালয়লৈ যোৱাটো আৰক্ষীয়ে উপযুক্ত নোখোজিলে। GMCHত যথোপযুক্ত চিকিৎসা নোপোৱা বাবে ছামিউলক ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল — এই সিদ্ধান্তো পৰিয়ালটোৱেই লৈছিল।”

চালান সম্পৰ্কে উত্থাপিত বিতৰ্কৰ প্ৰতি প্ৰতিক্ৰিয়া দি তেওঁ কয় —
“নন্দিনীৰ বাহনৰ নামত থকা ৫খন চালান নন্দিনীয়ে নিজে চালাই থাকোতে নহয়, ড্ৰাইভাৰ চালোৱা সময়ত হৈছিল। সেই কাৰণেই জৰিমনা আৰোপ হৈছিল।”

নন্দিনীৰ মাতৃয়ে সংবাদমাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত পৰিয়ালৰ স্পষ্টতা জনায় আৰু লগতে লগতে কয় —
“আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ছামিউলৰ পৰিয়ালৰ কাষলৈ যাম। এতিয়াও আমি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰস্তুত।”

উল্লেখযোগ্য যে, এই ঘটনাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ছাত্ৰ সংগঠন তথা নাগৰিক সমাজে নন্দিনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তদন্ত অব্যাহত থাকোঁতে নন্দিনীৰ পৰিয়ালৰ এই মন্তব্যই নতুন বিতৰ্কৰ জন্ম দিয়াৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top