Assam actor Nandini Kashyap । নন্দিনী কাশ্যপক আটক কৰি লৈ অহা হ’ল পান বজাৰ মহিলা আৰক্ষী থানালৈ।
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত মৃত্যু হ’ল ছামিউলৰ!
আতঙ্কজনক দুৰ্ঘটনাৰ পাছত অভিনেত্ৰীগৰাকীক আটক কৰি লৈ অহা হ’ল পান বজাৰ মহিলা থানালৈ

অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত মৃত্যু ঘটিছে এগৰাকী যুৱকৰ। মৃত যুৱকজনৰ নাম ছামিউল হক, যি এগৰাকী পলিটেকনিকৰ মেধাৱী ছাত্ৰ আছিল। ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ ব্যস্ত ৰাস্তাত, য’ত নন্দিনী কাশ্যপে চালনা কৰা বাহনে ছামিউলক খুন্দা মাৰে বুলি অভিযোগ উঠিছে।

ঘটনাৰ পাছতেই আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰে। আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁক ইতিমধ্যে পান বজাৰ মহিলা আৰক্ষী থানালৈ লৈ যোৱা হৈছে, য’ত নিশাটো তেওঁক ৰখা হ’ব বুলি জানিবলৈ দিয়া হৈছে।

অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠাৰ পাছত ৰাইজৰ মাজত শোক আৰু ক্ষোভে একেলগে বিয়পি পৰিছে।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু গাড়ীখনৰ জব্দৰ লগতে মেডিকেল পৰীক্ষা আৰু চিচিটিভি ফুটেজৰ সহায়ত ঘটনার বিৱৰণ সংগ্ৰহ কৰা হ’ব বুলি জানিবলৈ দিছে।
এই ঘটনাই ৰাজ্যজুৰি আলোচনা-সমালোচনাৰ ঢৌ উঠাইছে। ৰাইজে দোষীক শাস্তি আৰু ছামিউলৰ পৰিয়াললৈ ন্যায় বিচাৰ কৰিছে।
