Live-in Relationship । প্ৰেয়সীক কোঠাত বন্দী কৰি প্ৰেমিকে অন্ত কৰিলে নিজৰ জীৱন, তাৰ পিছত প্ৰেমিকাই কৰিলে আত্মহত্যাৰ চেষ্টা
গুৱাহাটী: গুৱাহাটীৰ কাহিলীপাৰা কল্যাণী নগৰত Live-in Relationshipত থকা যুৱক-যুৱতীৰ ভয়ংকৰ কাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নৱজ্যোতি তালুকদাৰ নামৰ এজন যুৱকে প্ৰথমে নিজৰ প্ৰেমিকাক কোঠাৰ ভিতৰত বন্দী কৰি ৰাখে। তাৰ পাছত তেওঁ চিপ লৈ আত্মহত্যা কৰে।

ঘটনাৰ পিছতে হতভম্ব হৈ পৰা যুৱতীগৰাকীয়ে কোনো মতে বাহিৰলৈ ওলাই আৰক্ষীলৈ খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু এইভাৱে নৱজ্যোতিৰ মৃত্যু হোৱা দেখি মানসিকভাৱে ভগ্নপ্ৰায় প্ৰেমিকাগৰাকীয়ে নিজৰ হাত কাটি জীৱন শেষ কৰাৰো চেষ্টা কৰে।

গুরুতৰভাৱে আহত অৱস্থাত যুৱতীগৰাকীক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে। চিকিৎসালয়ত তেওঁ সদায় দুয়োৰে মাজত মনোমালিন্য আৰু কাজিয়াৰ কথা স্বীকাৰ কৰিছে।

সুত্ৰৰ পৰা জানিব পৰা মতে, দুয়ো নলবাৰী জিলাৰ বাসিন্দা। গুৱাহাটীত বিগত এটা বছৰ ধৰি ভাড়াঘৰতে একেলগে থাকি আছিল। সম্পৰ্কৰ বেয়া অৱস্থা আৰু সংঘাতৰ বাবেই এই ভয়ংকৰ ঘটনা উদ্ভৱ হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত গভীৰ শোক আৰু আতংকৰ সঞ্চাৰ কৰিছে।সুত্ৰৰ পৰা জানিব পৰা মতে, দুয়ো নলবাৰী জিলাৰ বাসিন্দা। গুৱাহাটীত বিগত এটা বছৰ ধৰি ভাড়াঘৰতে একেলগে থাকি আছিল।
