Himanta bisaw sarma | শিৱসাগৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ পৰিদৰ্শন কৰি ৰংঘৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি প্ৰকল্প দায়িত্ব থকা বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসনৰ বিষয়াৰ লগত প্ৰকল্প সন্দৰ্ভত আলোচনাত মিলিত হয়—কিছু সালসলনিৰ পৰামৰ্ধ আগবঢ়াই।
এই প্ৰকল্পৰ জৰিয়তে আহোম ৰাজত্বৰ ৬০০ বছৰৰ ইতিহাস বহন কৰা ৰংঘৰৰ চৌপাশে এক আধুনিক, পৰ্যটক-আকৰ্ষক, আৰু সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা ৰাজ্য চৰকাৰে কৰিছে। ইতিমধ্যে এই প্ৰকল্পৰ বাবে ৮৩ বিঘা ২ কঠা ৮.৫ লোচা ভূমি অধিগ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত ৭৮ বিঘা ১ কঠা ৫.৫ লোচা ব্যক্তিগত মাটি আৰু বাকী চৰকাৰী ভূমি।
এই প্ৰকল্পত অধীনত সংগ্ৰহালয়, অতিথি গৃহ, জিৰণি চ’ৰা আদি আন্তঃগাঁথনি সংলগ্ন হোৱাৰ লগতে পৰ্যটকৰ বাবে সুবিধাজনক পৰিবেশ গঢ়ি তোলা হব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পৰিদৰ্শনকালে প্ৰকল্পটোৰ কাম ধ্ৰুত গতিত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰংঘৰ, আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ সময়ত নিৰ্মিত এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে স্বীকৃত। স্বৰ্গদেউ সকলে এই অট্টালিকাৰ পৰা শেন- কনুৱাৰ যুজঁ চাইছিল আৰু বিহুক ৰাজকীয় স্বীকৃতি দিছিল।
শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই প্ৰকল্পে ৰংঘৰৰ গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ লগতে শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰতো এক নতুন দিশ উন্মোচন কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ।
আনহাতে সাংবাদিকৰ আগত—-১১৮ কোটী টকা নিৰ্ধাৰন কৰা হৈছে শেষ হোৱাৰ।লৈকে ঞকাৰ পৰিমান বৃদ্ধি হব পাৰে:মুখ্যমন্ত্ৰী—-
পথ নৰ্দমা তথা প্ৰকল্প লগত ৰংঘৰৰ লগত সংহত কৰা বিষয়ত আলোচনা—মুখ্যমন্ত্ৰী
বৃহৎ প্ৰকল্প মাৰ্চ মাহৰ —২০২৬ ত হোৱাৰ সম্ভাৱনা।
পোনপতীয়া ভাৱে ৰংঘৰৰ প্ৰকল্পলৈ আহিবলৈ বিকল্প পথৰ আলোচনা—-
নিৰ্বাচন সমাগত এতিয়া One day match খেলি আছো—–ৰাইজে দেখাকৈ সোনকালে শেষ কৰিব পৰা কামসমূহ আমি কৰিবলৈ চেষ্টা কৰিছো
শিৱসাগৰৰ যমুনা সংৰক্ষন আৰু পৰিস্কাৰন বিষয়ে জল সম্পদ বিভাগে সৰু আঁচনি লোৱা হৈছে যমুনা ৰ বাবে কিন্ত ডাঙৰ আঁচনি লোৱাৰ প্ৰয়োজন আছে—-মুখ্যমন্ত্ৰী।
