Student । ঢেকিয়াজুলিৰ চেন্ট উৰছুলা বিদ্যালয়ৰ দশম মান শ্ৰেণীত অধ্যয়নৰত পূজা বড়ো (১৪) নামৰ
এগৰাকী কিশোৰী ১৯ জুন তাৰিখৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত।

ঢেকিয়াজুলিৰ ওপৰ পানবাৰীস্থিত কিশোৰীগৰাকীৰ পিতৃ প্ৰতাপ চন্দ্ৰ বড়ো আৰু মাতৃ প্ৰণীতা বড়োৱে জীয়ৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত ২০ জুন তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছিল যদিও
আৰক্ষীয়ে বৰ্তমানপৰ্যন্ত কিশোৰীগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

কোনো সদাশয় লোকে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰিলে ৯১০১২৪৫২৫২ ( 9101245252) নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃয়ে।
