‘জুবিন মহোৎসৱৰ সৈতে মই কোনোপ্ৰকাৰে জড়িত নহয়’—সামাজিক মাধ্যমত স্পষ্ট কৰিলে গৰিমা গাৰ্গে

‘জুবিন মহোৎসৱৰ সৈতে মই কোনোপ্ৰকাৰে জড়িত নহয়’—সামাজিক মাধ্যমত স্পষ্ট কৰিলে গৰিমা গাৰ্গে

‘জুবিন মহোৎসৱৰ সৈতে মই কোনোপ্ৰকাৰে জড়িত নহয়’—সামাজিক মাধ্যমত স্পষ্ট কৰিলে গৰিমা গাৰ্গে

নিজৰ অনুমতি অবিহনে নাম ব্যৱহাৰ কৰাত অসন্তুষ্টি প্ৰকাশ, জুবিনৰ ন্যায়ৰ যুঁজ দুৰ্বল নকৰিবলৈ আহ্বান

গুৱাহাটীঃ আগন্তুক ‘জুবিন মহোৎসৱ’ক লৈ এইবাৰ বিশেষ পোষ্ট গৰিমা গাৰ্গৰ। সামাজিক মাধ্যমত এক পোষ্টযোগে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানটোৰ সৈতে তেওঁ কোনোপ্ৰকাৰে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে গৰিমা গাৰ্গে। একে সময়তে, তেওঁৰ অনুমতি অবিহনে অনুষ্ঠানটোৰ সৈতে তেওঁৰ নাম জড়িত কৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰে।

সামাজিক মাধ্যমত গৰিমা গাৰ্গে উল্লেখ কৰে যে, অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা হিচাপে আয়োজকসকলৰ সৈতে থাকিব বুলি তেওঁ কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাই। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ অভিভাৱকত্বত প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটো ‘সৃষ্টিৰ দিন’ হিচাপে ডিব্ৰুগড়ত পালন কৰাৰ কথা ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। সেই অনুষ্ঠানৰ সৈতেও তেওঁ কোনো ধৰণৰ দায়িত্ব বা পদ গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰে।

গৰিমা গাৰ্গে কয় যে, তেওঁৰ অনুমতি অবিহনে এইদৰে নাম ব্যৱহাৰ কৰিলে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। তদুপৰি, আয়োজকসকলে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গ ন্যাসৰ সৈতেও কোনো যোগাযোগ কৰা নাই বুলি তেওঁ নিজৰ পোষ্টত উল্লেখ কৰে।

আনহাতে, স্বামী তথা সমগ্ৰ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁ যুঁজ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি গৰিমা গাৰ্গে কয় যে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু জুবিনৰ প্ৰতি থকা মৰমেই তেওঁক এই যুঁজত আগবাঢ়ি যোৱাৰ শক্তি দিছে।

তেওঁৰ নাম এনেদৰে ব্যৱহাৰ কৰিলে জুবিনৰ ন্যায়ৰ যুঁজখনক লৈ বিভিন্ন ধৰণৰ বাখ্যা আৰু বিতৰ্কৰ সৃষ্টি হ’ব পাৰে বুলিও আশংকা প্ৰকাশ কৰে গৰিমা গাৰ্গে। এনে কাৰ্যই প্ৰতিপক্ষক বিভিন্ন বাখ্যা সৃষ্টি কৰাৰ সুযোগহে প্ৰদান কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।

শেষত, ৰাইজক বিভ্ৰান্ত নকৰিবলৈ আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠাৰ বাবে চলাই থকা যুঁজখনক দুৰ্বল নকৰিবলৈ সকলোকে বিনম্ৰ আহ্বান জনায় গৰিমা গাৰ্গে। লগতে, তেওঁলোকক শান্তিৰে থাকিবলৈ দিয়াৰ অনুৰোধ জনাই জুবিনৰ ন্যায়ৰ বাবে সম্পূৰ্ণ শক্তিৰে যুঁজ অব্যাহত ৰাখিব বিচাৰে বুলিও সামাজিক মাধ্যমৰ পোষ্টটোত স্পষ্ট কৰে।

শিৰোনামটো অধিক সংক্ষিপ্ত কৰকপ্ৰথম অনুচ্ছেদটো অধিক শক্তিশালী কৰক

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top