১৮ নৱেম্বৰৰ পৰা লতাশিলত তিনিদিনীয়া ‘জুবিন মহোৎসৱ ২০২৬’

১৮ নৱেম্বৰৰ পৰা লতাশিলত তিনিদিনীয়া ‘জুবিন মহোৎসৱ ২০২৬

১৮ নৱেম্বৰৰ পৰা লতাশিলত তিনিদিনীয়া ‘জুবিন মহোৎসৱ ২০২৬’

জুবিন গাৰ্গৰ আদৰ্শ, দৰ্শন আৰু সাংস্কৃতিক অৱদানক লৈ হ’ব বিশেষ আলোচনা

গুৱাহাটীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা ১৮, ১৯ আৰু ২০ নৱেম্বৰত গুৱাহাটীৰ লতাশিল খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘জুবিন মহোৎসৱ ২০২৬’। জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত মহোৎসৱৰ আয়োজক সমিতিয়ে এই কথা সদৰী কৰে।

শিল্পীগৰাকী কায়িকভাৱে মাজত নথকাৰ সময়ত তেওঁৰ জীৱন-দৰ্শন, আদৰ্শ, চিন্তা-চেতনা আৰু সাংস্কৃতিক অৱদানক নতুন প্ৰজন্মৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰাৰ লক্ষ্যৰে এইবাৰ বিস্তৃত কাৰ্যসূচীৰে মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আয়োজক সমিতিৰ মতে, ২০১৫ চনতে জুবিন গাৰ্গ ফেন ক্লাব গঠন কৰি সেই বছৰতে ‘জুবিন ফেষ্টিভেল’ অনুষ্ঠিত কৰা হৈছিল। সেই সময়ত অনুষ্ঠানটোক লৈ জুবিন গাৰ্গেও সন্তুষ্টি প্ৰকাশ কৰিছিল। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰ অধিক বিস্তৃত পৰিসৰত ‘জুবিন মহোৎসৱ ২০২৬’ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

জুবিনৰ জীৱন-দৰ্শন আৰু আদৰ্শক লৈ আলোচনা

মহোৎসৱৰ অন্যতম আকৰ্ষণ হ’ব জুবিন গাৰ্গৰ জীৱন-দৰ্শন, চিন্তা-চেতনা আৰু আদৰ্শক কেন্দ্ৰ কৰি অনুষ্ঠিত হ’বলগীয়া আলোচনা-চক্ৰ। শিল্পী সমাজ, সাংবাদিক সমাজ আৰু জুবিন অনুৰাগীসকলক একেখন মঞ্চলৈ আনি শিল্পীগৰাকীৰ সৃষ্টিৰাজি, চিন্তাধাৰা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক লৈ চৰ্চা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে।

মহোৎসৱৰ প্ৰথম দিনা, অৰ্থাৎ ১৮ নৱেম্বৰত জুবিনক্ষেত্ৰৰ পৰা এক শোভাযাত্ৰা উলিওৱাৰ পৰিকল্পনা কৰা হৈছে। শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কেক কটাৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে শোভাযাত্ৰাটো লতাশিল খেলপথাৰলৈ আগবাঢ়িব। অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হ’ব।

ইয়াৰ উপৰি ‘অসম ডান্স মাষ্টাৰ’ (Assam Dance Master) শীৰ্ষক এখন নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগীগৰাকীক উপযুক্ত মঞ্চ প্ৰদান কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

চকুদান শিবিৰ, গছপুলি ৰোপণ আৰু খাদ্য বিতৰণ

সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালকৈ মহোৎসৱৰ প্ৰথম দিনটোত কেইবাটাও সামাজিক পদক্ষেপ গ্ৰহণ কৰা হ’ব। ইয়াৰ ভিতৰত চকুদান শিবিৰ, ৫০ জোপা গছপুলি ৰোপণ আৰু অনাথ শিশুসকলৰ মাজত খাদ্য বিতৰণৰ কাৰ্যসূচী বিশেষভাৱে উল্লেখযোগ্য।

জুবিন গাৰ্গৰ আদৰ্শ আৰু সমাজমুখী চিন্তাধাৰাক আগুৱাই নিয়াৰ লক্ষ্যৰে এই সামাজিক কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে বুলি আয়োজক সমিতিয়ে সদৰী কৰে।

সামগ্ৰিকভাৱে, জুবিন গাৰ্গৰ স্মৃতি, আদৰ্শ আৰু সাংস্কৃতিক অৱদানক সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মৰ মাজত তেওঁৰ চিন্তা-চেতনাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ‘জুবিন মহোৎসৱ ২০২৬’ক এক বৃহৎ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top