অন্ধ্ৰপ্ৰদেশত গুৱাহাটীৰ যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু,৯ অক্টোবৰত SBIৰ এটা চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল হিমাশ্ৰীৰ।

অন্ধ্ৰপ্ৰদেশত গুৱাহাটীৰ যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু,৯ অক্টোবৰত SBIৰ এটা চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল হিমাশ্ৰীৰ।

অন্ধ্ৰপ্ৰদেশত গুৱাহাটীৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

ৰে’লপথৰ দাঁতিত উদ্ধাৰ হিমাশ্ৰী বড়োৰ মৃতদেহ, পৰিয়ালৰ সন্দেহৰ আঙুলি অবিনাশৰ ফালে

বহিঃৰাজ্যত নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু হ’ল গুৱাহাটীৰ চপাইডঙৰ হিমাশ্ৰী বড়োৰ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত ৰে’লপথৰ দাঁতিত উদ্ধাৰ কৰা হয় হিমাশ্ৰীৰ মৃতদেহ। ঘটনাটোক লৈ ইতিমধ্যে পৰিয়ালৰ মাজত সৃষ্টি হৈছে গভীৰ সন্দেহ আৰু উৎকণ্ঠাৰ।

জানিব পৰা মতে, ‘SBJ Dance Event’ নামৰ এটা ডান্স ইভেণ্টৰ জৰিয়তে অসমৰ পৰা ৮গৰাকী যুৱতী আৰু ২জন যুৱকৰ এটা নৃত্যদল যোৱা ১৩ আগষ্টত বিশাখাপট্টনমলৈ ৰাওনা হৈছিল। দলটোত আছিল হিমাশ্ৰী বড়োও। অক্টোবৰৰ মাজভাগলৈ বিভিন্ন নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল দলটোৰ।

কিন্তু অনুষ্ঠানৰ আয়োজকৰ সৈতে হোৱা মতানৈক্যৰ পাছত দলটোৰ কেইবাগৰাকী সদস্য আগতেই অসমলৈ উভতি অহা বুলি জানিব পৰা গৈছে। ইফালে, ৫ অক্টোবৰত হিমাশ্ৰীয়েও অসমলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল। ৯ অক্টোবৰত SBIৰ এটা চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল হিমাশ্ৰীৰ।

পৰিয়ালৰ মতে, উভতি অহাৰ সময়ত প্ৰথমখন ৰে’ল সময়মতে ধৰিব নোৱাৰাত পৰৱৰ্তী এখন ৰে’লৰ সাধাৰণ শ্ৰেণীৰ ডবাত যাত্ৰা আৰম্ভ কৰিছিল হিমাশ্ৰীয়ে। ৰে’লত উঠাৰ পাছতো কিছু সময়লৈ পৰিয়ালৰ সৈতে যোগাযোগত আছিল তেওঁ। কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালে ফোন কৰিও কোনো সঁহাৰি নাপায়।

প্ৰায় ১২ ঘণ্টা ধৰি হিমাশ্ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰাত পৰিয়ালে অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

ৰে’ল ষ্টেচনত অবিনাশৰ সৈতে দেখা গৈছিল হিমাশ্ৰীক

পৰিয়ালৰ তথ্য অনুসৰি, প্ৰথমখন ৰে’ল ধৰিব নোৱাৰাৰ কথা হিমাশ্ৰীয়ে কামাখ্যা গে’টৰ ওচৰত থকা বান্ধৱী জ্যোতি চৌধুৰীক জনাইছিল। জ্যোতিয়ে হিমাশ্ৰীৰ বাবে টিকটৰ ব্যৱস্থা কৰাৰ লগতে সহায়ৰ বাবে নিজৰ বন্ধু অবিনাশক ৰে’ল ষ্টেচনলৈ পঠিয়াইছিল।

পৰিয়ালৰ দাবী অনুসৰি, ৰে’ল ষ্টেচনৰ CCTV ফুটেজত হিমাশ্ৰীৰ সৈতে অবিনাশক দেখা গৈছিল। আনহাতে, হিমাশ্ৰীয়ে যাত্ৰা কৰা ডবাটোত কেইগৰাকীমান যুৱকে অশ্লীল ইংগিত দিয়াৰ কথা বান্ধৱী জ্যোতিক জনোৱা বুলিও পৰিয়ালে দাবী কৰিছে। এই সন্দৰ্ভত জ্যোতি আৰু পৰিয়ালে ৰে’ল বিভাগৰ হেল্পলাইনতো যোগাযোগ কৰা বুলি জানিব পৰা গৈছে।

অবিনাশক লৈ পৰিয়ালৰ সন্দেহ

বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত ৰে’লপথৰ দাঁতিত হিমাশ্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাটোক লৈ পৰিয়ালে অবিনাশ নামৰ যুৱকজনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, অবিনাশে হিমাশ্ৰীক ৰে’লত উঠাই দিয়াৰ সময়ত ঠেলা-হেঁচা কৰা হৈছিল। অৱশ্যে এই অভিযোগৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ইফালে, হিমাশ্ৰীয়ে যাত্ৰা কৰা ৰে’লৰ ডবাৰ পৰা দুটা বেগ আৰু কিছু নথিপত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ’ব মৃতদেহ

বৰ্তমান হিমাশ্ৰীৰ মৃতদেহ টিকুলামপুৰমৰ চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। ইতিমধ্যে নৃত্যদলটোৰ কেইগৰাকীমান সদস্য অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়াত সহযোগ কৰিছে।

মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত হিমাশ্ৰীৰ মৃতদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্য চৰকাৰেও মৃতদেহটো শীঘ্ৰে অসমলৈ অনাৰ বাবে ৰে’ল আৰক্ষী আৰু অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

হিমাশ্ৰী বড়োৱে বি. বৰুৱা কলেজৰ পৰা BBA সম্পূৰ্ণ কৰিছিল। তেওঁৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে—ৰে’লৰ পৰা হিমাশ্ৰী কেনেদৰে পৰিল? ঘটনাৰ পূৰ্বে ৰে’লৰ ভিতৰত কি ঘটিছিল? আৰু অবিনাশৰ সৈতে হিমাশ্ৰীৰ শেষ মুহূৰ্তৰ যোগাযোগ কেনে আছিল?

এই সকলো দিশ তদন্তৰ আওতালৈ আহিছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতহে হিমাশ্ৰী বড়োৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top