যোৰহাট সদৰ আৰক্ষীৰ এক সফল অভিযানত এটা বৃহৎ ‘হানি ট্ৰেপিং’ চক্ৰ উৎখাত কৰাৰ দাবী কৰিছে আৰক্ষীয়ে। যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষীকেশ হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত চক্ৰটোৰ সৈতে জড়িত কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে—চক্ৰটোৰ মূল অভিযুক্ত বুলি উল্লেখ কৰা মৰমী দাস নেওঁগ, বেবী বৰা, সঞ্জীৱ দাস আৰু অংকিত পলসহ আন এজন। আৰক্ষীৰ সূত্ৰ অনুসৰি, চক্ৰটোৱে সামাজিক মাধ্যম, বিশেষকৈ Instagramৰ জৰিয়তে লোকক চিনাকি কৰি বিভিন্ন প্ৰলোভনেৰে জালত পেলাইছিল।

অভিযোগ অনুসৰি, জালত পেলোৱা লোকসকলৰ সৈতে ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ড কৰি পিছত সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰা হৈছিল। এইদৰে কেইবাগৰাকী লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
বিশেষকৈ, তিনিচুকীয়াৰ এগৰাকী বেংক মেনেজাৰক ব্লেকমেইল কৰি প্ৰথমে ৩ লাখ টকা আদায় কৰাৰ পাছত পুনৰ ৫ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত বিষয়টো আৰক্ষীৰ নজৰলৈ অহাত যোৰহাট আৰক্ষীয়ে অভিযান চলাই চক্ৰটোৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰে।

ইফালে, আৰক্ষীৰ জেৰাত এই চক্ৰটোৰ সৈতে জড়িত আন বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱতীসহ যুৱককেইজনক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত বহু যুৱকক হানি ট্ৰেপিঙৰ জৰিয়তে জালত পেলাই ধন সংগ্ৰহ কৰাৰ অভিযোগ পোহৰলৈ আহিছে। সমগ্ৰ ঘটনাৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ঘটনাটোৱে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বনৰ প্ৰয়োজনীয়তাও পুনৰ স্পষ্ট কৰি তুলিছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই চক্ৰটোৰ সন্দৰ্ভত আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
